আছোহি অকলে ৰৈ নিজানত
         ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                        (০৭/০২/০৯) 

মৰম বিচাৰি কাঁইটকে সাৱটিছোঁ
আৱেগতে কলিজাত
উতলা তেজৰ চিয়াঁহীৰে
হেপাঁহৰ ছবিও আঁকিছো
দুচকুত
জোন, তৰা, বেলিৰ
স্তিমিত পোহৰ সানি
আকাশৰ নীলাবোৰত
আঙুলি বুলাই
তোমাক বিচাৰিছোঁ
ক'ত আছা তুমি
মোৰ স'তে
লুকা-ভাকু খেলি
ক'লা মেঘৰ বুকুখন ফালি
জোনাকী বাটেৰে আহানা নামি
ডেউকা কোবাই উৰি উৰি...

তুমি আহিবা বুলিয়েই
অহাৰ বাটত
বকুল জুপিয়েওঁ
সজাই
শুভ্র ফুলৰ কৰণি
তুমি আহিবা বুলিয়েই
দুৱৰি দলিচাত
শৰতেওঁ সিঁচি দিয়ে
নিয়ৰৰ মুকুতা-মণি

হয়তো সেইবাবেই
তুমি অহাৰ বাটত
নৈ:শব্দৰ দুৱাৰ খুলি
দুহাত মেলি
আছোহি অকলে ৰৈ নিজানত...

Comments