অনুপমা - ২০১৫ ✍️ চিৰঞ্জীৱ শঙ্কৰ

      অনুপমা 
           : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) 
                       (২৮/১০/২০১৫) 


যৌৱনৰ স্পৰ্শত 
যেতিয়া 
তোমাৰ ওঁঠৰ হাঁহিবোৰ 
শিমলু হৈ ফুলে 
তেতিয়া 
আকাশৰ নীলাবোৰ সাৱটি 
তৰাবোৰেওঁ হাঁহে 
সমীৰণৰ 
জিৰি্জিৰি্ সুৰৰ 
লহৰে লহৰে..... 
অনুপমা 
তুমি বাৰু আছানে কুশলে? 

---------------------------------------------

Comments