নিলাঞ্জনা ✍️ চিৰঞ্জীৱ শঙ্কৰ

♚ নিলাঞ্জনা ♚
         ☞ চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                       (০৫/০৩/২০১৫)
তোমাৰ
মধুৰ চুমাৰ পৰশত
অবাক হৈ পৰে যৌৱন
উত্তেজিত হৈ পৰে
নিথৰ দেহা
আৱেগিক হৈ পৰে
মন-প্রাণ
হয়তো
সেই বাবেই
ভোমোৰাই
ফুলৰ মধু বিচাৰি ফুৰাৰ দৰেই
নিবিড় ভালপোৱাৰ
ৰসাল সান্নিধ্য বিচাৰি
পদুলিৰ নিজানত
লহপহকৈ বাঢ়ি অহা
নাহৰ জোপাৰ তলত
ভিৰ কৰেহি
অলেখ ডেকাৰ মন
থিক তেনেদৰেই
ভিৰ কৰোহি মই
আৰু দূৰণিৰ পৰাই
চকুত,
চকু আবদ্ধ কৰি
ভাৱনাত বিভোৰ হওঁ
নিলাঞ্জনা
দুচকুৰ সন্মুখত
যেতিয়া
আঁউসীৰ এন্ধাৰে আগছি ধৰে
তেতিয়া বুকুত
অলেখ আশা সাৱটি
ৰৈ থাকো
দুয়ো ৰৈ থাকিম
চিৰদিন-চিৰকাল
মাথোঁ
এমুঠি পোহৰৰ অপেক্ষাত …☆☆☆☆☆☆☆☆☆☆☆☆

Comments