প্রেমত পৰিবলৈ মোৰো মন যায়। ✍️ চিৰঞ্জীৱ শঙ্কৰ

প্রেমত পৰিবলৈ মোৰো মন যায়
               : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                         (০১/০৪/২০১৭)


 প্রেমত পৰাৰ বয়স
এটিয়া
আৰু নাই
তথাপিও কিয়
প্রেমত পৰিবলৈ 
সঘনাই
মন যায়
প্রেম যে  স্বর্গীয়
প্রেমৰ তাড়নাত
জান
জুৰি
নিজৰায়ও
প্রকৃতিৰ
নিয়মক সন্মান জনাই
হাজাৰ বাধা নেউচিও
সাগৰলৈ  বৈ  যায়
হয়তো
সেই বাবেই
প্রেমত পৰিবলৈ
মোৰো মন যায়
কিন্তু হায়
মোৰ বাবেহে কোনো নাই
নাহে মৰম দিবলে' উজাই .......

---------------------------------------

Comments