ফাগুনী অনুভৱ - ২০১৫। ✍️ চিৰঞ্জীৱ শঙ্কৰ

ফাগুনী অনুভৱ - ২০১৫ 
           : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) 
                       (০১/০৯/২০১৫) 

ফাগুনী পলাশে 
উতনুৱা 
দেহে, মনে, প্ৰাণে 
যৌৱন মাধুৰী সানে 
সৰগী সপোন 
স্নিগ্ধ 
জোনাকৰ পোহৰে পোহৰে 
এজাক 
পচোঁৱা হৈ নামি আহে 
আৰু 
ভাৱনাত ৰং ঢালি 
দুচকুত 
তোমাৰ প্ৰতিচ্ছবি আঁকে... 
হয়তো 
সেই বাবেই 
মাদলৰ তালে তালে 
ৰসাল সুৰৰ লহৰ তুলি 
মন মোৰ উলাহতে নাচে 
ক্ৰমশঃ 
প্ৰকৃতিৰ চৌদিশ 
অলেখ চৰাইৰ 
সুমধুৰ কাঁকলিৰে ভৰি পৰে...

Comments