এজাক সপোন যেন বৰষুণ ✍️ চিৰঞ্জীৱ শঙ্কৰ

♚এজাক সপোন যেন বৰষুণ♚
    ☞চিৰঞ্জীৱ শঙ্কৰ ( ছমৰীয়া সত্র )
                     (২০১৫) may
দচকুত
এজাক সপোন
যেন বৰষুণ
নিৰবতাৰ ওঁৰণি ঠেলি
গুপুতে নামি আহে
আৰু
দেহত
চেচাঁ শিহৰণ তুলি
বুকুৰে বাগৰি যায়
শিৰাই – উপশিৰাই
এজাক সপোন যেন বৰষুন…
মধুৰ স্মৃতিৰে
বুকুত আকিব খোজো
কোনেওঁ মচিব নোৱাৰা
এখন ছবি মৰমৰ
ৰচিব খোজো
যৌৱনৰ এটি গান
সুমধুৰ…..
এজাক সপোন যেন বৰষুণ….. 

Comments