মোৰ শেষ আশা ✍️ চিৰঞ্জীৱ শঙ্কৰ

 ♚মোৰ শেষ আশা♚
            ☞চিৰঞ্জীৱ শঙ্কৰ
               (ছমৰীয়া সত্র)
ল'ৰালিৰ
প্রতিটো ঘাটত
দুয়ো একেলগে বহি
ৰচিছিলোঁ
ক'ত যে ৰঙীণ সপোন ।
সেই
ৰঙীণ সপোনবোৰ
আজি কেনি গ'ল
কেনি গ'ল ভাঙি-চিঙি ?
যৌৱনৰ
প্রভাতী বেলাতে
ভাবিছিলোঁ
গুপুতে বহু কথা
ৰচিছিলোঁ মনতে
অলেখ গীতি-কবিতা ।
গীতি-কবিতাৰ মাজত
তোমাকো ৰখিছিলো জীয়াই
প্রতিটো শব্দৰ ছন্দত লুকুৱাই ।
তুমিতো নুবুজিলা
সেই শব্দেৰে
মনত গুপুতে সাঁচি ৰখা
হৃদয়ৰ গোপন ভাষা
তুমিয়েই যে আছিলা সোণ
মোৰ শেষ আশা ।

☆☆☆☆☆☆☆☆☆☆☆☆

Comments