ভালপোৱাৰ মৰমী সমিধান ✍️ চিৰঞ্জীৱ শঙ্কৰ

♚ভালপোৱাৰ মৰমী সমিধান♚
                ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)

জয়াল নিশা
উশাহে-নিশ্বাসে
মাথোঁ নিগৰে বিষাদ-বেদনা…
ঠুনুকা মনে সহিব নোৱাৰে
এন্ধাৰ নিশাৰ
উজাগৰী যাতনা
সেয়েহে
তোমাৰ বুকুত গুপুতে সাঁচটিয়া
যৌৱনা আৱেগবোৰ
লিৰিকি-বিদাৰি বিচাৰিছোঁ
দৰদী জোনাকৰ ঠিকনা
আৰু বিচাৰিছো
সজীৱ
প্রেম , ভালপোৱাৰ
মৰমী সমিধান …..

Comments