প্ৰীতি সমিধান ✍️ চিৰঞ্জীৱ শঙ্কৰ

প্ৰীতি সমিধান
          : চিৰঞ্জীৱ শঙ্কৰ
         ( ০৭/০৯/২০০৭ )
কুমাৰী প্ৰকৃতিৰ সেউজ সান্নিধ্যত
প্ৰভাতী পখীৰ মধুৰ গুঞ্জন
যৌৱনা দেহৰ
প্ৰতিটো অবাক ৰাগিণীত
প্ৰতিটো গীতি-কবিতাৰ
অনুৰণিত সুৰ-ছন্দত
অনুৰাগী জোনাকী শিহৰণ
সপোন ৰাণীৰ মৃদু আলিঙ্গণ ।

ৰ'দালিৰ পৰশ লাগি
ৰূপৱতী
কোনোবা মিচিং ৰমণীৰ
অৰ্ধনগ্ন সেন্দুৰীয়া দেহত
মণি-মুকুতা হৈ জিলিকি থকা
সুগন্ধি ঘামৰ
প্ৰতিটো টোপালত,
মেথনি ফালি ওলাই আহিব খোজা
যৌৱন উদ্বেলিত
বিশাল বুকুৰ গভীৰতাত
মদিৰাত বিলীন
উজ্জ্বল কাতৰ দুচকুৰ মাদকতাত
কেতিয়াও
নিজকে হেৰুৱাব খোজা নাই

বলিয়া ফাগুনৰ বাঁ লাগি
ৰূপৱতী
কোনোবা ৰচকী নাৰীৰ
চঞ্চল হৈ উঠা
মুগা বৰণীয়া চুলিত
আলসুৱা দুটি ওঁঠৰ
প্ৰষ্ফুটিত মাধুৰী হাঁহিত
অহা যোৱা বাটত
নিতে পানী অনা ঘাটত
লাজুকী দুভৰিৰ
অভিমানী প্ৰতিটো খোজত
কেতিয়াও
নিজকে হেৰুৱাব খোজা নাই

ওখোৰা-মোখোৰা
জোনাক বিহীন জীৱন বাটত
ভাগৰত জুৰুলা হৃদয়ক
খন্তেক জিৰণি দিবলে'
মাথোঁ বিচাৰিছোঁ এডোখৰ ঠাই
কাৰোবাৰ হিয়াৰ
নিভৃত কোনোবা এটি কোনত
আৰু বিচাৰিছোঁ
কাৰোবাৰ এষাৰি ৰসাল মাঁতত
মোৰ মৰম,স্নেহ, ভালপোৱাৰ
প্ৰীতি সমিধান ।

Comments