মৌনতাৰ সেউজ ইতিহাস ✍️ চিৰঞ্জীৱ শঙ্কৰ

মৌনতাৰ সেউজ ইতিহাস
            :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                        (০৩/০৩/২০১৭)

কবি নহওঁ কাহানিওঁ
কিম্বা
নহওঁ গীতিকাৰ
তথাপিও
নির্জনতাৰ উকা কাগজত
মনৰ
টুকুৰা-টুকুৰ ভাৱবোৰ লিখো
তেজৰ চিয়াঁহীৰে
কলিজাত
গুপুতে লিখি যাওঁ
মৌনতাৰ সেউজ ইতিহাস
সমুখত
যদিওঁ নাই
ৰূপালী জোনৰ পোহৰাভাষ
শূন্যতাত
আজিওঁ যেন
তাৰেই মধুৰ প্রকাশ

হয়তো
মোৰ প্রতিটো ভাবৰ মাজত
খেপিয়াই চাই
তুমিওঁ
বিচাৰি পাই যাব পাৰা
নিজক,
নিজৰ অস্তিত্বক
আৰু
পাব পাৰা
সপোন ঘাটত হেৰোৱা অতীতক...

Comments