বুকুৰ বান্ধৈ ✍️ চিৰঞ্জীৱ শঙ্কৰ

বুকুৰ বান্ধৈ
             : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                               (২০১৫)

বুকুৰ বান্ধৈ মোৰ
কিনো দিম
কিনো দিম তোমাক
দিবলে' আছেনো কি
দুহাতত মাথোঁ শূণ্যতা
আৰু আছে
দুচকুৰ সমুখত বন্দী
এখন বিশাল আকাশ
আকাশত
আঁউসীৰ ঘোৰ আন্ধাৰ
চৌপাশে মাথোঁ নিস্তব্ধতা...

Comments