কোন তুমি অনামী ✍️ চিৰঞ্জীৱ শঙ্কৰ

কোন তুমি অনামী
               : চিৰঞ্জীৱ শঙ্কৰ
                ( ছমৰীয়া সত্র )

চিনাকী
সৌ আকাশৰ
গভীৰ নীলাত
জিলিকী উঠিছে
জোনৰ জোনাকী আভাত
এখন বাগিচা
সেউজীয়া সপোনৰ বাগিচা
বাগিচাত
নীৰৱে ফুলি আছে
অলেখ ফুল
শুভ্র,
ৰঙা,
নীলা আৰু হালধীয়া
তাৰে মাজৰ
কোনোবা এটি ফুলৰ মায়াত
মনৰ অভিমান
মনতে ঠেকেচি থৈ
বুকুত
সজীৱ আৱেগ - অনুভূতি সিঁচি লৈ
কোন তুমি ৰূপহী
মৰমী ৰংঢালি পখিলী
বিগত দিনৰ
স্মৃতি সোঁৱৰী
অকলে হেলাৰঙে
আছা খেলি - উমলি
কোন তুমি অনামী
নিচিনি শুধিছো তোমাৰ পৰিচয়...

Comments