বিষাক্ত ক'লা ৰং ✍️ চিৰঞ্জীৱ শঙ্কৰ

বিষাক্ত ক'লা ৰং 
     ✍️ চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                 (০৫/১০/২০১৫)
নিশাৰ এন্ধাৰত
বসন্তৰ
সুগন্ধি উমাল পৰশ
স্নিগ্ধ জোনাকীৰ
মুগ্ধ ৰসাল
পোহৰৰ সান্নিধ্যত
উন্মনা
প্ৰকৃতিৰ নৱ-গুঞ্জন...

আকাশৰ নীলিমা
লিৰিকী-বিদাৰি উৰি ফুৰা
উন্মুক্ত বতাহৰ
জিৰি্জিৰি্ অবাক শবদত
প্ৰেমৰ
ৰসাল মাধুৰী সানি
তোমাৰ স্মৃতিবোৰে
দুচকুত
অলেখ সপোন আঁকে
আৰু দেহত
সজীৱ শিহৰণ ঢালি
ভাদুৱা বানৰ দৰে
উত্তাল তৰংগ তুলি
বুকুৱেদি
বৈ যায়
শিৰাই-উপশিৰাই... 
হয়তো
সেইবাবেই
অনুভৱি মনে
মচি পেলাই
বিষাদৰ
বিষাক্ত ক'লা ৰং...

-------------------------------------------  

Comments