জীয়াই থকাৰ হেপাঁহ আৰু নাই ✍️ চিৰঞ্জীৱ শঙ্কৰ

জীয়াই থকাৰ হেপাঁহ আৰু নাই
            : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                        (২৮/০৩/২০১৭)

যন্ত্ৰণাময়
মৰু সদৃশ ধৰাৰ বুকুত
নাই যে
এই জীৱৰ কোনো আপোন
এন্ধাৰ বাটত
হাতত হাত ধৰি খোজ দিবলে'

আত্মবিশ্বাসৰ
লাখুটি ডালতো যেন
এতিয়া
দূৰ্বলতাৰ প্ৰকাশ

হয়তো
সেই কাৰণতেই
অস্থিৰ জীৱন
অশান্ত মন-প্ৰাণ
নাই হেপাঁহ
আৰু
অকলশৰে জীয়াই থাকাৰ...

Comments