আলসুৱা সপোন সুমধুৰ ✍️ চিৰঞ্জীৱ শঙ্কৰ

আলসুৱা সপোন সুমধুৰ
             : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                       (০৮/০৯/২০১৫)

শাৰদী
আকাশ ভৰি
যেতিয়া জিলিকে
পূৰ্ণিমাৰ জোন
তেতিয়া
তোমাৰ, মোৰ দেহত
উতলা যৌৱনৰ লহৰ তুলি
বুকুত
আৱেগৰ ৰহণ সানি
দুচকুত জিলিকে
আলসুৱা সপোন সুমধুৰ...

---------------------------------------------- 

Comments