একে লগে ৭৫ টা মই লিখা কবিতা
(১)কোন তুমি অনামী
: চিৰঞ্জীৱ শঙ্কৰ
( ছমৰীয়া সত্র )
চিনাকী
সৌ আকাশৰ
গভীৰ নীলাত
জিলিকী উঠিছে
জোনৰ জোনাকী আভাত
এখন বাগিচা
সেউজীয়া সপোনৰ বাগিচা
বাগিচাত
নীৰৱে ফুলি আছে
অলেখ ফুল
শুভ্র,
ৰঙা,
নীলা আৰু হালধীয়া
তাৰে মাজৰ
কোনোবা এটি ফুলৰ মায়াত
মনৰ অভিমান
মনতে ঠেকেচি থৈ
বুকুত
সজীৱ আৱেগ - অনুভূতি সিঁচি লৈ
কোন তুমি ৰূপহী
মৰমী ৰংঢালি পখিলী
বিগত দিনৰ
স্মৃতি সোঁৱৰী
অকলে হেলাৰঙে
আছা খেলি - উমলি
কোন তুমি অনামী
নিচিনি শুধিছো তোমাৰ পৰিচয়...
☆☆☆☆☆☆☆☆☆☆☆☆
(২) ♚মোৰ শেষ আশা♚
☞চিৰঞ্জীৱ শঙ্কৰ
(ছমৰীয়া সত্র)
ল'ৰালিৰ
প্রতিটো ঘাটত
দুয়ো একেলগে বহি
ৰচিছিলোঁ
ক'ত যে ৰঙীণ সপোন ।
সেই
ৰঙীণ সপোনবোৰ
আজি কেনি গ'ল
কেনি গ'ল ভাঙি-চিঙি ?
যৌৱনৰ
প্রভাতী বেলাতে
ভাবিছিলোঁ
গুপুতে বহু কথা
ৰচিছিলোঁ মনতে
অলেখ গীতি-কবিতা ।
গীতি-কবিতাৰ মাজত
তোমাকো ৰখিছিলো জীয়াই
প্রতিটো শব্দৰ ছন্দত লুকুৱাই ।
তুমিতো নুবুজিলা
সেই শব্দেৰে
মনত গুপুতে সাঁচি ৰখা
হৃদয়ৰ গোপন ভাষা
তুমিয়েই যে আছিলা সোণ
মোৰ শেষ আশা ।
☆☆☆☆☆☆☆☆☆☆☆☆
(৩) ♚ঈশ্বৰ♚
☞চিৰঞ্জীৱ শঙ্কৰ
তুমি অবিহনে
দুখৰ
ধূষৰ ৰাতি আঁতৰিবনে
তুমি অবিহনে
সুখৰ
জোনৰ চাকি জ্বলিবনে
তুমি অবিহনে
এই প্রকৃতিৰ অস্তিত্ব অসাৰ
তুমি ঈশ্বৰ
তুমি পৰমাত্মা
তুমিয়েই পিতা-পিতাম্বৰ
তুমি বন্ধু
তুমিয়েই ভাতৃ আমাৰ আত্মাৰ।
☆☆☆☆☆☆☆☆☆☆☆☆
(৪) শ্রেষ্ট জীৱৰ অস্তিত্ব ...
: চিৰঞ্জীৱ শঙ্কৰ
মৰিশালিত
চিতাৰ জুইত
জ্বলি-জ্বলি ছাঁই হোৱা
মানৱী
প্রতিটো দেহাৰ অৱশেষ
সেই অৱশেষৰ মাজত
আছে নেকি
আছে নেকি
চাওঁ লিৰিকি-বিদাৰি
শ্রেষ্ট জীৱৰ অস্তিত্ব...
☆☆☆☆☆☆☆☆☆☆☆☆
(৫) মোৰ ল'ৰালি
:চিৰঞ্জীৱ (শঙ্কৰ) কলিতা
:ৰচনাৰ সময় : 2000 চন
মোৰ ল'ৰালি খেলাৰ লগৰী
খেলিবানে তুমি
মোৰ স'তে আবেলি ?
কৰিবানে তুমি
মোৰ স'তে ধেমালি ?
আহিবা জানো তুমি
জীৱনৰ অন্তিম ক্ষণত
খেল খেলিম বুলি ?
মোৰ ল'ৰাল জোনৰ জোনাকী
থাকিবানে তুমি
মোৰ শৈশৱক উজ্বলাই ?
কৰিবানে তুমি
মোৰ হৃদয়ক আমনি ?
আহিবা জানো তুমি
বিচলিত হৃদয়ত মোৰ
সাগৰৰ গভীৰতা আনিবলৈ.....?
( মই লিখা তথা চপা আখৰত প্রকাশ হোৱা মোৰ প্রথম কবিতা ।
সিমান ভাল হোৱা নাছিল যদিওঁ এই কবিতাটোৰ পৰা মই কবিতা লিখিবলৈ বহুত সাহস পাইছিলো ।
এই কবিতাটো প্রকাশ হোৱা আলোচনী খনৰ নাম "প্রেৰণা" )
☆☆☆☆☆☆☆☆☆☆☆☆
(৬) এজাক সপোন যেন বৰষুণ
: চিৰঞ্জীৱ শঙ্কৰ ( ছমৰীয়া সত্র )
দচকুত
এজাক সপোন
যেন বৰষুণ
নিৰবতাৰ ওঁৰণি ঠেলি
গুপুতে নামি আহে
আৰু
দেহত
চেচাঁ শিহৰণ তুলি
বুকুৰে বাগৰি যায়
শিৰাই - উপশিৰাই
এজাক সপোন যেন বৰষুন...
মধুৰ স্মৃতিৰে
বুকুত আকিব খোজো
কোনেওঁ মচিব নোৱাৰা
এখন ছবি মৰমৰ
ৰচিব খোজো
যৌৱনৰ এটি গান
সুমধুৰ.....
এজাক সপোন যেন বৰষুণ.....
☆☆☆☆☆☆☆☆☆☆☆☆
(৭) সেউজীয়া আভাস
:চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
৬/০৩/২০০৯ )
টেমছ্ - মিচিচীপিৰ পাঁৰত
লহপহে বাঢ়ি অহা
যৌৱন উদ্দীপ্ত
ইউকেলিপটাছ,
মেপল,
হিজল,
পাইন, ছিদাৰৰ ছাঁত
ভাগৰত
জিৰণি বিচাৰি ফুৰা
অলেখ বাটৰুৱাৰ
উশাহ - হুমুনিয়াহ খিনি
লিৰিকী - বিদাৰি
পামনে বিচাৰি
হেৰোৱা অতীতৰ
বাস্তৱ
মধুৰ ইতিহাস
আৰু
আগত দিনৰ
সজীৱ
সেউজীয়া আভাস...
------------------------------------
(৮) ♚ভৱিষ্যত গড়াৰ সপোন♚
☞চিৰঞ্জীৱ শঙ্কৰ
প্রতিটো ঋতুৰ মৌন স্পর্শত
সেউজীয়া হৈ ফুলি উঠা
প্রকৃতিৰ
নতুন ৰূপত মুগ্ধ
এই পৃথিৱী
আৰু মুগ্ধ আমি
হয়তো
তাৰেই ৰসাল অনুভূতিৰে
জীপাল
আমাৰ দেহত
সিৰাই-উপসিৰাই
অনর্গল বৈ থকা
কেচাঁ তেজৰ সোঁতত
মনত,
প্রাণত
প্রতিপলে বাজি উঠে
এধানি সুৰ মৰমী মধুৰ
সেই সুৰৰ মায়াত
প্রতি মানৱ দৃষ্টিত
জাগি উঠে
ভৱিষ্যত গড়াৰ
অলেখ ৰঙীন সপোন
নিতে নতুন নতুন
-------------------------------------
(৯) ♚অংশুমালী♚
☞ চিৰঞ্জীৱ শঙ্কৰ
তোমাৰ উপস্থিতিত
প্রতিটো
ঋতুৰ পৰিৱর্তনে
প্রকৃতিৰ
শূণ্য উদৰ
পূর্ণ কৰে
সেউজীয়াৰ
মধুৰ গুণগুণনিত
ৰসেৰে ভৰি পৰে
মৰুময়
শুকান পথাৰ
আৰু
জীপাল কৰি তোলে
মানৱী
দেহা-মন-পৰাণ...
☆☆☆☆☆☆☆☆☆
-------------------------------------
(১০) ♚তোমাৰ মৰমৰ কোমল পাৰিজাত♚
☞চিৰঞ্জীৱ শঙ্কৰ
(ছমৰীয়া সত্র)
সৌ আকাশৰ গভীৰ নীলাত
মেঘৰ আঁৰত
লুকা-ভাকু খেলি থকা
জোনৰ
জোনাকী আভাত
দুচকুৰ পতা স্পর্শি
সমুখেৰে বৈ যোৱা
সপোনৰ মধুৰ নিচাত
সুন্দৰী
কোনোবা ৰমণীৰ
এহালি ওঁঠৰ
মৰমী ভাষাত ৰচা
উদাস
আকুল গীতি-কবিতাত
উত্তেজিত দেহৰ যৌৱনা তৃষাত
বাগিচা বাগিচা লগা
বুকুৰ সাৰুৱাখিনিত
এদিন
নিৰৱে ফুলিব
তোমাৰ মৰমৰ কোমল পাৰিজাত...
☆☆☆☆☆☆☆☆☆☆☆☆
--------------------------------------
(১১) ♚অভিমানী♚
☞চিৰঞ্জীৱ শঙ্কৰ
অভিমানী
পাহৰি গ'লা নেকি
জোন-তৰা-বেলিক
নিবিড়ে সাক্ষী কৰি
তুমি
মোক,
মই
তোমাক কোৱা
প্রীতি মধুৰ কথাবোৰ
অভিমানী
পাহৰি গ'লা নেকি
মধুময় জীৱনৰ
সেউজ প্রতিশ্রুতি ...
----------------------------------
(১২) তুমি অৰ্ধ নগ্ন হৈছা কিয় ?
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২৮/০৭/২০০৭)
নগ্নতাই যদি
মানৱক পশুত্ত্ব দান নকৰে
যদি নগ্নতাই
জীৱশ্ৰেষ্ঠ মানৱৰ
শ্ৰেষ্ঠতা ম্লান নকৰি
দুগুণে বঢ়াব পাৰে
তেন্তে তুমি
অৰ্ধ নগ্ন হৈছা কিয় ?
অৰ্ধ নগ্ন হোৱাতকৈ দেখোন
পূৰ্ণ নগ্ন হোৱাটোৱেই শ্ৰেয় ।
- - - - - - - - - - - - - - - - - - - - -
(১৩) সুখৰ সমাধি
: চিৰঞ্জীৱ শঙ্কৰ
(০৮/০১/২০২০)
শীতৰে সেমেকা ৰাতি
শেৱালিৰ ডালত
এতিয়াও আছে ফুলি
ফুল শুভ্ৰতাৰে ভৰা
সেই ফুলৰ মায়াতেই
মুগ্ধ আমি দুয়ো
আৰু
মুগ্ধ পৃথিৱীৰ কায়া
হঠাৎ
সমুখেৰে বৈ যায়
বিষণ্ণতাৰে ভৰা
আঁউসীৰ আন্ধাৰুৱা ছায়া
ঠিক তেনেদৰে
মোৰ দেহৰ
সিৰাই উপসিৰাই বৈ যায়
বিষাদ নামৰ এখন নদী
বিষণ্ণতাৰে ভৰা
হয়তো সেই বাবেই
উজাগৰী কটাও ৰাতি
ভঙা সপোনবোৰ যোৰা দি
কিজানিবা পাৱেই বিচাৰি
জীৱনৰ অন্তিম ক্ষণত
সুখৰেই সমাধি
------------------------------------
(১৪) যাযাবৰী চৰাই
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
ৰচনা : ২০০১
ৰাতিৰ পিছত
অলেখ ৰাতি ধৰি
এন্ধাৰৰ গভীৰতা নেওচি
নীলা আকাশৰ তৰাবোৰে
সমাজিকতে নামি আহি
মনৰ জোনাকত উজ্বলি
কৰিছিল বহু ৰং ধেমালি
মাথোঁ
মোৰ শৈশৱক সোঁৱৰি
দিনৰ পোহৰত আহিছিল উৰি
মোৰ মন কাননত
এখন্তেক জিৰাম বুলি
ক্লান্ত যাযাবৰী চৰাই এযুঁৰি
সিঁহতক
মাথোঁ দিছিলোঁ
ভৰালৰ এমুঠি ধান
হৃদয়ৰ
এটি কোণত ক্ষন্তেক স্থান
আৰুতো একো নাছিল
মোৰ দুহাতত
ইয়াৰ উপৰি দিবলে সিঁহতক
তাকে পাই চৰাই যুঁৰিয়ে
উলাহতে নাচিছিল
গাইছিল
আৰু যে কত
ৰঙীণ সপোন ৰচিছিল
সেই ৰং ধেমালিৰ মাজেৰেওঁ
মোক লৈ গৈছিল
গভীৰৰ পৰা গভীৰতৰলৈ
অতীতৰ দুৰ্গম বাট অতিক্ৰমি
ভৱিষ্যতৰ নিজান পথৰ দুৱাৰ মুখলৈ …
-----------------------------------
(১৫) তুমি আহিবা বুলিয়েই
:চিৰঞ্জীৱ শঙ্কৰ
(২৩/০৭/২০০৫)
নীলিম আকাশৰ
জোনালী,
তৰালী আৰু ৰ'দালিহঁতে
চিলমিল টোপনিতে
নামি আহি সপোনতে
গোপনে নিশব্দে
ক'লে মোক কাণে কাণে
তুমি আহিবা বুলি
এইটো বসন্ততে
হৈ কোমলীয়া এটি কলি নাহৰৰে
তুমি আহিবা বুলিয়েই
বাৰিষাই ডাৱৰে ডাৱৰে
সজালে নীলাভ আকাশ
শৰতে বিলালে
শুভ্ৰ শেৱালিৰ সুবাস
শিতেওঁ পিন্ধালে
দূবৰি দলিচাক
নিয়ৰৰ শীতল সাঁজ
তুমি আহিবা বুলিয়েই
গধূলি পৰত
পদূলি মূৰত গৈ
আছিলোঁ যে ৰৈ
তোমাৰেই অপেক্ষাত
আহিবা জানো
এইটো বসন্ততে
ৰঙালীক ৰঙেৰে সজাবলে'
অ' চেনেহী
মোৰ স্মৃতিৰ লগৰী
সচাকে কোৱানা
নিশাৰ সপোনতে আহি ।
-------------------------------------
(১৬) অসমীয়া নহয় উন্মাদ হত্যাকাৰী
: চিৰঞ্জীৱ শঙ্কৰ
(১১/০৭/২০১৯)
অসম
শান্তি সমন্বয়ৰ তীৰ্থস্থান
অসম নহয়
আতঙ্কৰ আন এটি নাম
মোৰ দৃষ্টিত
মোৰ দৰেই
তুমিও
অসমী আইৰেই সন্তান
তথাপিওঁ কিয়
আইক
হত্যাকাৰি সজালা
অসমীয়া
নহয় উন্মাদ হত্যাকাৰী
কিম্বা
নহয় হিন্দু,
মুছলিম বিৰোধী
অসমীয়া মানৱতাৰেই
আন এটি নাম ...
শেষত
জয় আই অসম ধ্বনিৰেই
অসমী আইক জনাওঁ শত প্ৰণাম ৷৷
--------------------------------------
(১৭) প্ৰীতি সমিধান
: চিৰঞ্জীৱ শঙ্কৰ
( ০৭/০৯/২০০৭ )
কুমাৰী প্ৰকৃতিৰ সেউজ সান্নিধ্যত
প্ৰভাতী পখীৰ মধুৰ গুঞ্জন
যৌৱনা দেহৰ
প্ৰতিটো অবাক ৰাগিণীত
প্ৰতিটো গীতি-কবিতাৰ
অনুৰণিত সুৰ-ছন্দত
অনুৰাগী জোনাকী শিহৰণ
সপোন ৰাণীৰ মৃদু আলিঙ্গণ ।
ৰ'দালিৰ পৰশ লাগি
ৰূপৱতী
কোনোবা মিচিং ৰমণীৰ
অৰ্ধনগ্ন সেন্দুৰীয়া দেহত
মণি-মুকুতা হৈ জিলিকি থকা
সুগন্ধি ঘামৰ
প্ৰতিটো টোপালত,
মেথনি ফালি ওলাই আহিব খোজা
যৌৱন উদ্বেলিত
বিশাল বুকুৰ গভীৰতাত
মদিৰাত বিলীন
উজ্জ্বল কাতৰ দুচকুৰ মাদকতাত
কেতিয়াও
নিজকে হেৰুৱাব খোজা নাই
বলিয়া ফাগুনৰ বাঁ লাগি
ৰূপৱতী
কোনোবা ৰচকী নাৰীৰ
চঞ্চল হৈ উঠা
মুগা বৰণীয়া চুলিত
আলসুৱা দুটি ওঁঠৰ
প্ৰষ্ফুটিত মাধুৰী হাঁহিত
অহা যোৱা বাটত
নিতে পানী অনা ঘাটত
লাজুকী দুভৰিৰ
অভিমানী প্ৰতিটো খোজত
কেতিয়াও
নিজকে হেৰুৱাব খোজা নাই
ওখোৰা-মোখোৰা
জোনাক বিহীন জীৱন বাটত
ভাগৰত জুৰুলা হৃদয়ক
খন্তেক জিৰণি দিবলে'
মাথোঁ বিচাৰিছোঁ এডোখৰ ঠাই
কাৰোবাৰ হিয়াৰ
নিভৃত কোনোবা এটি কোনত
আৰু বিচাৰিছোঁ
কাৰোবাৰ এষাৰি ৰসাল মাঁতত
মোৰ মৰম,স্নেহ, ভালপোৱাৰ
প্ৰীতি সমিধান ।
---------------------------------------
(১৮) গোপনে কয়হি কাণে কাণে
: চিৰঞ্জীৱ শঙ্কৰ
স্থান: ছমৰীয়া সত্ৰ
(১৪/০৭/২০১৬)
যৌৱন উৰুখা পঁজাত
কলিজাৰ তেজাল আভাত
নিবিড় নিৰৱধি তৃষাত
আৱেশ সনা কল্পিত আশাত
দিয়া আঁকি তযু মৰমী আভাস
ৰিমঝিম ৰিমঝিম বৰষাই
মন আউলি-বাউলি কৰি
সোনালী চুলি মেলি
লৰক-ফৰক খোজেৰে আহি
মোৰে মন সাগৰ তীৰত বহি
থুনুক-থানাক মাতেৰে
ভালপাওঁ বুলি মোকে
আজি কিনো উলাহতে
গোপনে কয়হি কাণে কাণে
প্ৰতিটো কবিতা ৰাতিৰ
নিবিড় সপোনতে
পুষ্পিতা সময়ৰ তীব্ৰ গতিত
নীলাভ আকাশত শাৰদী জোনে
চঞ্চল বতাহৰ আকুল কোলাত
জোনাকী সপোন সিঁচি সিঁচি
মধুৰ অনামী হাঁহি এটি মাৰি
থুনুক-থানাক মাতেৰে
ভালপাওঁ বুলি মোকে
আজি কিনো উলাহতে
গোপনে কয়হি কাণে কাণে
প্ৰতিটো কবিতা ৰাতিৰ
নিবিড় সপোনতে ।।
Name : Chiranjib Shankar
C/o : Lt. Astik Kalita
Vill : Chhamaria Satra
P.o. : P. Chhamaria
P.s : Boko
Dist : Kamrup (R)
State : Assam
Pin : 781136
--------------------------------------
(১৯) উন্মেষ
গীতৰ কথা : চিৰঞ্জীৱ শঙ্কৰ
(২১/০৯/২০০৮)
উন্মেষ
মোৰ উন্মেষ
উন্মেষ
মনৰ প্ৰভাতী আৱেশ
উতনুৱা দেহাতে
উন্মনা মনে-প্ৰাণে
উতলা তেজে-তেজে
মধুৰ যৌৱনা উন্মেষ
পঢ়া টেবুলত
ভাৱনাৰ ফাগুন
প্ৰীতি কবিতাত
আৱেগ মধুৰ প্ৰকাশ
নীলাভ আকাশত
মৰমৰ জোঁৱাৰ
মেঘৰ আঁৰত
বেলিৰ ৰ'দালি উন্মেষ
মুকুতিৰ আশাত
দুচকুত সপোন
বুকুৰ মাজত
বিষাদ স্মৃতিৰ অৱশেষ
গভীৰ তমসাত
হেপাঁহৰ লগন
মৰমী ভাষাত
জোনৰ জোনাকী উন্মেষ...
--------------------------------------
(২০) সাগৰীকা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(১৬/০১/২০১৫)
কৰোবাত
কোনোবাই
কোৱা শুনিছিলো
তুমি হেনো
ফুল ভালপোৱা
সুগন্ধি
ফুলৰ দলিচাত
নিতে নতুন নতুন
সপোন ৰচি ভালপোৱা
হয়তো
সেইবাবেই
মৰুময়
বুকু চহ কৰি
বহু ৰঙী
ফুলৰ খেতি কৰাৰ
পৰিকল্পনা কৰিছিলোঁ...
-------------------------------------
(২১) জীৱন ৰঙ্গমঞ্চত তোমাক বিচাৰি
:চিৰঞ্জীৱ শঙ্কৰ
( ১৮/০৭/২০০৪ )
জীৱন নাটৰ ৰঙ্গমঞ্চত
কাৰোবাৰ
সুললিত কণ্ঠ স্বৰত
কাৰোবাৰ অমিয়া সুৰত
অভিনয়ৰ সোঁতত উতি ভাহি
হঠাৎ
নিৰৱে লুকাই
কতবাৰ কিমানক
নাচি নাচি নচুৱালোঁ
কতবাৰ কিমানক
হাঁহি হাঁহি হহুৱালো
আৰু
কতবাৰ যে কিমানক
কান্দি কান্দিও কন্দুৱালো
তথাপিটো নাই পোৱা
কাৰো মৰমী সঁহাৰি
আলসুৱা দুটি ওঁঠৰ
মৌ মিঠা মাত এষাৰি...
হয়টো সেই বাবেই
প্ৰতি পলে অনুভৱ কৰো নিসঙ্গতা
ক্ৰমশঃ
এন্ধাৰত হেৰাই গ'ল
জীৱনৰ মাদকতা...
-------------------------------------
(২২) নোপোৱা কিবা এটা বিচাৰি
: চিৰঞ্জীৱ শঙ্কৰ
( ২৯/০৮/২০০৭ )
স্মৃতিৰ এজাক বৰষুণত
জুৰুলি জুপুৰি হৈ
জহি খহি উৱলি যাব খোজা
উন্মাদ ভাৱনাৰ
পদূলিৰ জপনা খুলি
কাঞ্চন-বিভূষিত
কলিজাৰ গভীৰলৈ
তুমি এদিন
নিৰৱে সোমাই আহিছিলা
কোনোকালে
কাৰো কলিজাত নোপোৱা
প্ৰেম,
প্ৰণয়,
ভালপোৱাৰ সহাৰি আৰু
নোপোৱা কিবা এটা বিচাৰি
-------------------------------------
(২৩) একাঁজলি ৰূপমাধুৰী
: চিৰঞ্জীৱ শঙ্কৰ
( ২৫/০৮/২০০৬ )
আকাশৰ নীলা আঁচলত
পৰাণ উতলোৱা
গাভৰু বতাহ জাকত
প্ৰেমৰ উন্মেষ সানি
অনামী লহৰ তুলি
হাঁহি, নাচি,
ধেমালি কৰি
ৰঙীণ ৰঙতে উন্মনা উলাহতে
উৰি-উৰি ঘূৰি ফুৰা
যুৰিয়া প্ৰভাতী পখীৰ
আলসুৱা সুমধুৰ কণ্ঠত
মাধুৰী ৰসাল বহু অতীতৰ
মধু-মিঠা স্মৃতিত ৰচা
স্নিগ্ধ চিনাকি নতুন গানৰ
মুগ্ধ সুৰৰ মাদকতাত
আজি পালোঁ মই বিচাৰি
তোমাৰ
উতনুৱা উমাল বুকুত
আঁলফুলে সাঁচি ৰখা
অলেখ অযুত মৰম
আৰু
পালোঁ বিচাৰি
অৰ্ধনগ্ন ৰূপালী দেহত
উতলি-উঠলি যোৱা
এবুকু
একাঁজলি ৰসাল ৰূপমাধুৰী...
--------------------------------------
(২৪) অভিমানী মনালিছা
: চিৰঞ্জীৱ শঙ্কৰ ( ২০১৫ )
অভিমানী মনালিছা
মনৰ বেজাৰকণ
আঁতৰাই থৈ
সৌৱা চোৱা
সেউজীয়া পথাৰত
কুমলীয়া ধানৰ ঠোঁৰে ঠোঁৰে
যৌৱনা প্ৰকৃতিৰ নৱ-গুঞ্জন
অভিমানী মনালিছা
বুকুৰ ভিতৰখন
মোকোলাই লৈ
সৌৱা চোৱা
তৰাঁভৰা আকাশত
জোনাকী বানৰ ঢৌৱে-ঢৌৱে
সৰগী
ৰম্ভা-মেনকাৰ নাচোন
আৰু
আৰু কি চাবা কোৱা
মোৰ বুকুৰ ভিতৰখন ...!!!
ৰাম ভক্ত
হনুমান হোৱা হ'লে
দুহাতেৰে বুকুখন ফালি
দেখুৱালো হেতেন
আছেযে ভৰি অসীম মৰম
মাথোঁ তোমাৰ বাবে...
-------------------------------------
(২৫) তোমাৰ নিবিড় প্ৰতিচ্ছবি
: চিৰঞ্জীৱ শঙ্কৰ
(০৫/১১/২০০৭)
মোৰ দেহত
প্ৰতিটোপাল তেজত
প্ৰতিটো কোষত
উন্মুক্ত যৌৱনৰ
উদ্বিপ্ত ৰ'দালি
স্মৃতিৰ সমাধিত
মায়াবী জোনাকী
নীলাভ দুচকুত
তোমাৰ নিবিড় প্ৰতিচ্ছবি...
----------------------------------------
(২৬) এতিয়া তুমি নাই
: চিৰঞ্জীৱ শঙ্কৰ
( ২০১৪ )
জীপাল
ওঁঠ দুপাঁহীৰ
বেকাঁ হাঁহিটিৰ মধুৰতা ঢালি
কেৰাহীকৈ
কিয়নো চাই আছা অনামী
তোমাৰ
সেই নিবিড় চাৱনিত
মন
মৰমী উন্মাদনাৰে ভৰি পৰে,
বুকুতো যে জ্বলি উঠে
উন্মুক্ত যৌৱনৰ হেপাঁহৰ অগনি...
এতিয়া তুমি নাই
তথাপিওঁ আছো ৰৈ
স্মৃতিৰ চাকি এগচি জ্বলাই
মাথোঁ তুমি অহাৰ বাটলে চাই...
-----------------------------------
(২৭) ৰাংঢালি নিশাৰ জোনাকী জনী
: চিৰঞ্জীৱ শঙ্কৰ
( ১৭/০৮/২০০৭ )
কাল সময়ৰ মাতাল দুবাহুত
নোপোৱা কিবা এটাৰ নিচাত
নীলিমা ভৰি আছেহি খেলি
ৰাংঢালি নিশাৰ জোনাকী জনী
জৰাজীৰ্ণ কলিজাত
আবেগ - অনুভূতিৰ
আধা খোলা খিৰিকীৰে
এচাঁটি
হিম চেচাঁ বতাহৰ স'তে
আন্ধাৰুৱা বিষণ্ণতা খেদি
নিঃশব্দে সোমাই আহে
তাইৰ মিঠা মিঠা লগা
সুমধুৰ এটি হাঁহিৰ খলকনি
আৰু...
আৰু সোমাই আহে
বিষাক্ত নিৰ্জনতা ভেদি
জিলিৰ ৰসাল গুণগুণনি
যৌৱনা মনৰ সজীৱতা বঢ়াবলে' ।
-------------------------------------
(২৮) নতুন অসম গঢ়াৰ হেপাঁহ
: চিৰঞ্জীৱ শঙ্কৰ
(০১/০১/২০০৮)
নিয়ৰ সনা
সুশান্ত সেউজীয়া পৰিৱেশ
নৱবৰ্ষৰ
প্ৰথম প্ৰভাতৰ উন্মেষ
ৰ'দালিৰ
চিকিমিকি মধুৰ হাঁহিত
গছৰ ডালে ডালে
শ্যামল পাতৰ আঁৰে আঁৰে
পুৱতি পক্ষীৰ নৱ-গুঞ্জন...
অতীত বিষ-বেদনা,
উশাহ-হুমুনিয়াহ
বিষৰ্জন দি
নতুন আশা গঢ়াৰ হেঁপাহ
দুচকুৰ সপোন
দিঠকত পৰিণত কৰাৰ হেপাঁহ
শান্তি সমন্বয়েৰে
হেৰোৱা স্মৃতিবোৰ পাহৰি
নতুনক লৈ আদৰি
নতুন অসম গঢ়াৰ হেপাঁহ
নতুন ভাৰত গঢ়াৰ হেপাঁহ
বিশ্ব - দৰ্বাৰত
নতুন ইতিহাস ৰচাৰ হেপাঁহ...
---------------------------------------
(২৯) কোন বাৰু তুমি
: চিৰঞ্জীৱ শঙ্কৰ (২২/০৫/২০০৩)
গভীৰ নিশাৰ এন্ধাৰ আকাশত
আছা যে অকলে বহি
এটি কোণত নীৰৱে উজ্জ্বলি
মোৰ নীৰৱতা কাঢ়ি
কোন বাৰু তুমি
কোৱানা অনামী ?
এবাৰ কাষলে' আহি
মন ফুলনিতে বহি
জীৱনৰ দুখবোৰ ক্ষন্তেক পহৰি
শৈশৱৰ মৰম
মৃদু দুহাতেৰে লৈ বুটলি ।
কোৱাচোন,
এন্ধাৰ শিতানত
জোনাকীৰ কবিতা ৰচি
মনৰ গভীৰতাত
যৌৱনা শিহৰণ তুলি
নিজানে থাকা উজ্জ্বলি
কোন বাৰু তুমি ?
--------------------------------------
(৩০) নীহাৰিকা
: চিৰঞ্জীৱ শঙ্কৰ
( ০৪/০৮/২০১৮ )
শৰতৰ স্নিগ্ধতাত মুগ্ধ পৃথিৱী
চৌপাশৰ নিস্তব্ধতা ভেদি
নিজৰাৰ
জিৰিজিৰি সুৰৰ ৰাগিণী
তাৰেই মধুৰতা পান কৰি
থাকো উজাগৰে
তোমাক সোঁৱৰি
হয়তো
তোমাৰ ভাৱনাতো
আছো মই জিলিকি
এতিয়া
গভীৰ ৰাতি
ক্ৰমশঃ
এন্ধাৰৰ মায়াজাল ফালি
আহে নামি জোন-তৰালী
ধৰাৰ
বিশাল বুকুৰ সেউজীয়াত
ৰূপালী আঁৱিৰ সানি
দুচকুৰ পতাত সপোন আঁকি
নিসঙ্গ জীৱনৰ সঙ্গী হবলে'
নীহাৰিকা
তুমি বাৰু আছানে কুশলে...?
-------------------------------------
(৩১) ♚প্রকৃত প্রেমৰ সংজ্ঞা বিচাৰি♚
☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্র)
(০৬/০১/২০০৯)
প্রকৃতিৰ
কোমল দলিচাত
সজীৱ হৈ ফুলি থকা
গোলাপ ,
তগৰ
আৰু হাচনাহানাৰ
মধুৰ সুৰভিত
কিম্বা
জান,
জুৰি,
নিজৰাৰ
কুলুকুলু সুৰৰ ধ্বনিত
সকলোতে
মাথোঁ বিচাৰি ফুৰিছো
প্রকৃত প্রেমৰ সংজ্ঞা ...♚
-----------------------------------
(৩২) মৌনতাৰ সেউজ ইতিহাস
:চিৰঞ্জীৱ শঙ্কৰ
(০৩/০৩/২০১৭)
কবি নহওঁ কাহানিও
কিম্বা
নহওঁ গীতিকাৰ
তথাপিও
নির্জনতাৰ উকা কাগজত
মনৰ
টুকুৰা-টুকুৰ ভাৱবোৰ লিখো
তেজৰ চিয়াঁহীৰে
কলিজাত
গুপুতে লিখি যাওঁ
মৌনতাৰ সেউজ ইতিহাস
সমুখত
যদিও নাই
ৰূপালী জোনৰ পোহৰাভাষ
শূন্যতাত
আজিও যেন
তাৰেই মধুৰ প্রকাশ
হয়তো
মোৰ প্রতিটো ভাবৰ মাজত
খেপিয়াই চাই
তুমিও
বিচাৰি পাই যাব পাৰা
নিজক,
নিজৰ অস্তিত্বক
আৰু
পাব পাৰা
সপোন ঘাটত হেৰোৱা অতীতক...
---------------------------------
(৩৩) দেবলীনা
:চিৰঞ্জীৱ শঙ্কৰ
(১২/১২/২০১৭)
তোমাৰ
অনুভূতিৰ দাপোনত
এসাগৰ সপোন হৈ
নিতে উজ্বলিম
ৰঙা
তেজৰ সোঁতত মিলি
প্রতিদিনে-প্রতিপলে
মৰমৰ
নৈ
হৈ
বৈ থাকিম
সিৰাই-উপসিৰাই...
---------------------------------------
(৩৪) ♚বৰষা♚
:চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্র)
ৰচনা : 2017
কৃষ্ণচূড়াৰ দেশত
এতিয়া
বৰষা নামিছে
চিকিমিকি বিজুলীৰ নাচোনত
মেঘৰ মাদলো বাজিছে
ঠিক তেনেদৰেই
বাৰিষাৰ
প্রথম জাক বৰষুণৰ
চিপচিপ শৱদত
চঞ্চলা
সমীৰণৰ ঢৌৱে -ঢৌৱে
যৌৱনা লহৰ তুলি
উপচি পৰিছে
নদ-নদী সাগৰ
আৰু
গছ-বন-তৰুলতাৰ ডাল-পাঁতত
সেউজীয়া ৰহণ সানি
জীপাল কৰি তুলিছে
মৰু সদৃশ
শুকান বুকু ধৰাৰ
হয়তো
সেইবাবেই
বুকুৰ মৰম বিয়পায়
মন উলাহতে নাচিছে,
গাইছে
মধুৰ সপোনো ৰচিছে
কৃষ্ণচূড়াৰ দেশত যে
এতিয়া
বৰষা নামিছে ...
-------------------------------------
(৩৫) আকাশৰ শেষ সীমনাত
: চিৰঞ্জীৱ শঙ্কৰ
আকাশৰ শেষ সীমনাত
শাৰদী মেলাত
এমুঠি জোনাকী জিলমিল
হাঁহিৰ আভাত
নিজকে লিৰিকী-বিদাৰী
বিচাৰিছো তোমাক
আৰু
নিৰৱে অনুভৱ কৰিছোঁ
অতীত বাগৰি যোৱা
স্মৃতি-মধুৰ মাদকতা...
হঠাৎ তমসা নিশা
মনৰ মাজত
অসীম নিৰৱতা...
------------------------------------
(৩৬) প্রীতি মধুৰ সান্নিধ্য
:চিৰঞ্জীৱ শঙ্কৰ
আকাশ ,
বতাহ,
জোনাক
আৰু পৃথিৱীৰ
নিবিড় সান্নিধ্যত
মনৰ
টুকুৰা-টুকুৰ
স্মৃতি -অনুভূতীবোৰেওঁ বিচাৰে
তোমাৰ প্রীতি মধুৰ সান্নিধ্য...
------------------------------------
(৩৭) ♚আৰু তুমি...♚
☞চিৰঞ্জীৱ শঙ্কৰ
(০৮/০৫/২০০৫)
বাস্তৱ জীৱনলে'
কেতিয়াও নাহিলা তুমি
দিবলে'
এধানি মৰম ঢালি
দুহাতেৰে মোক লৈ সাৱটি
আহিছিলা মাথোঁ
হৃদয় স্পর্শি...
কল্পনাৰ সোঁতত বৈ
যাবলে'
মোৰ পৰা আঁতৰি
চকুপানী হৈ উটি-ভাহি
লবলে'
সাগৰক আঁকোৱালি
সাগৰ যে তোমাৰ প্রেমিক
আৰু তুমি...
-------------------------------------
(৩৮) ♚মনালিচা♚
☞চিৰঞ্জীৱ শঙ্কৰ
দেহত
ৰক্তিম যৌৱনৰ
স্পর্শিত উন্মাদনাত
শাৰদী নিশাৰ
দাপোনমতী জোনাক
মনালিচা -
তোমাৰ ভালপোৱাৰ উন্মেষ
কহুৱা-কোমল বুকুৱেদি
প্রেৰণাৰ নৈ
হৈ
বৈ থাকিব
চিৰদিন-চিৰকাল...
------------------------------------
(৩৯) জোনাক মধুৰ প্রতিটো ক্ষণ
: চিৰঞ্জীৱ শঙ্কৰ
মোৰ
মুখৰ হাঁহি
সুখৰ গান
সকলো কাঢ়ি নিলা
কাঢ়ি নিলা
জীৱন,
জোনাক মধুৰ প্রতিটো ক্ষণ...
-------------------------------------
(৪০) বিষাক্ত প্রেম
: চিৰঞ্জীৱ শঙ্কৰ
বিষাক্ত প্রেম
নে
বিষাক্ত তুমি
আজিওঁ নুবুজিলোঁ...
বুজি নাপালো
চলনাময়ী নাৰীৰ মহিমা...
-------------------------------------
(৪১) মোৰ শেষ প্ৰাৰ্থনা
: চিৰঞ্জীৱ শঙ্কৰ
( ১৬/০৬/ ২০০২ )
তুমিতো নাজানিলা প্ৰভু
মোৰ হৃদয়ৰ
বেদনা ভৰা আশাবোৰৰ কথা
সেই আশা-নিৰাশাৰ মাজত
তুমিওঁ আছিলা চিৰদিন ।
আজিনো কিয় এৰিলা
অকলশৰে এই পৃথিৱীত
নাজানিলোঁ
নুবুজিলো তোমাৰ মহিমা ।
তোমাৰ মহিমাৰ অলেখ কথা
মাথোঁ শুনিছিলোঁ
মা-দেউতাৰ মুখত
তেওঁলোককো এজন এজনকৈ
নিবলে' উদ্যত হ'লা
এই মৰতত
অকলশৰে এৰি থৈ ।
মিনতি কৰিছোঁ প্ৰভু
তযু চৰণত
নিনিবা নিনিবা কাঢ়ি
আশাৰ দ্বীপ্তি স্বৰূপ
পিতৃ-মাতৃক
এয়াই তোমাৰ ওচৰত
মোৰ শেষ প্ৰাৰ্থনা ।।
----------------------------
(৪২) অসমীয়া ডেকা-দল
: চিৰঞ্জীৱ শঙ্কৰ (২০০০)
হিল-দ'ল ভাঙি যাম আগুৱাই
আমি যে অসমীয়া ডেকা দল
নাথাকো পিছ পৰি,
যাম আগবাঢ়ি
সকলোৱে প্ৰাণ আহুতি দি
কৰিবলৈ স্বদেশক উদ্ধাৰ ।
অশান্তিৰ মাজেৰেও
শান্তিক আনিম জিনি
সকলোৱে মিলি গাম
স্বাধীন অসমৰ জয় গীতি
হিংসাক ধ্বংস কৰি
অহিংসাক আঁকোৱালি
কৰিম সমাজৰ কল্যাণ সাধন।
মৃত্যুক সাৱটি
শত্ৰুৰ স'তে যুঁজি
মাতৃৰ চৰণত কৰিম প্ৰাণ বলিদান।
মৃত্যুক জয় কৰি
জীয়াই থাকিম চিৰদিন
অসমৰ সৌ-পূণ্য আকাশত উজ্বলি
কৰিবলে মাতৃক প্ৰণাম ।
--------------------------------
(৪৩) ফাগুণী অনুভৱ
: চিৰঞ্জীৱ শঙ্কৰ
( ০১/০৯/২০১৫ )
ফাগুণী পলাশে
উতনুৱা
দেহে, মনে, প্ৰাণে
যৌৱন মাধুৰী সানে
সৰগী সপোন
স্নিগ্ধ
জোনাকৰ পোহৰে পোহৰে
এজাক পচোঁৱা হৈ
নামি আহে
আৰু
ভাৱনাত ৰং ঢালি
দুচকুত
তোমাৰ প্ৰতিচ্ছবি আঁকে...
হয়তো সেইবাবেই
মাদলৰ তালে তালে
ৰসাল সুৰৰ লহৰ তুলি
মন মোৰ উলাহতে নাচে
ক্ৰমশঃ
প্ৰকৃতিৰ চৌদিশ
অলেখ চৰাইৰ
সুমধুৰ কাকলিৰে ভৰি পৰে...
-----------------------------------
(৪৪) বুঢ়া পিতাইৰ ৰঙা চকু
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০১/০৭/২০০৬)
হাতেনো চপৰিয়াই
সুহুৰীয়াই, সুহুৰীয়াই
কিয়নো
মোকে মাতা সঘনাই
অ' মোৰে সোনাই
যাব যে নোৱাৰোঁ মই
নুবুজা কিয় বাৰু তই
অ' মোৰে চেনাই
সোন তুমি আহিবা বুলি
বুকুত এসোপা সপোন সাঁচি
সঘনাই খিৰিকী খুলি
পদূলিলে চাওঁ জুমি জুমি
তোমাক দেখা পালেওঁ হায়
বুকুখনহে জ্বলি-পুৰি যায়
যাব যে সোন নোৱাৰোঁ মই
পদূলিলে, তোমাৰ কাষলে'
কিয় বাৰু জানানে তুমি ?
চকু ৰঙা কৰি
দাড়ি-গোফ মোহাৰি
পিৰালিতে আছেহি বহি ৰৈ
সোন মোৰে বুঢ়া পিতাই.....
-----------------------------------------------------
(৪৫) বসন্ত
: চিৰঞ্জীৱ শঙ্কৰ (২০০১)
নাহৰ ফুলৰ দৰে ফুলিছিলা
মাথোঁ
দুটি দিনৰ বাবে
বৰদৈচিলা জনী হৈ
আহিছিলা উৰি
মোৰ পজাঁ ভাঙিবলে' ।
গ'লা যে আঁতৰি
বহু দূৰণিলে' উৰি
আশাৰে সজোৱা পজাঁটি ভাঙি ।
আৰুতো নাহিলা ওভতি
বৰদৈচিলা জনী হৈ উৰি
দুনাই সজোৱা পজাঁটি ভাঙিবলে' ।
এইবাৰ আহিলা -
খোপাতে কপৌ পাহি গুজি,
কাণত কেৰুযুৰি
দিঙীত জোনেবিড়ি
হাতত গাম খাৰু পিন্ধি
লাঁহি কঁকালটি উৰাই-ঘূৰাই নাচি
সুৰীয়া বিহু গীতি এফাঁকী গায়
ৰঙালীক ৰঙেৰে আঁদৰিবলে' ।
----------------------------------------
(৪৬) সেইদিনা জানো আহিবা ?
: চিৰঞ্জীৱ শঙ্কৰ
( ২০/১০/২০০৫ )
যিদিনা আশাবোৰ হেৰাব
মোৰ মনৰ, প্ৰাণৰ
প্ৰতিটো ভাবৰ
সেইদিনা ভাষাবোৰো হেৰাব
মোৰ কণ্ঠত গানৰ
স্পন্দন সুৰৰ ।
যিদিনা ভাষাবোৰ হেৰাব
মোৰ প্ৰতিটো পলৰ
প্ৰতিটো গানৰ
সেইদিনা স্মৃতিবোৰো হেৰাব
বহু স্নিগ্ধ জোনাকৰ
স্নিগ্ধ অতীতৰ ।
যিদিনা সকলোবোৰ হেৰাব
মাথোঁ জীৱনৰ
সেইদিনা জানো আহিবা
মোৰ কাষলে'
মৰম দিবল' উজাৰি
হেৰোৱা দিনৰ
হেৰোৱা স্মৃতিবোৰ হৈ
তোমাৰ আৰু মোৰ ।
---------------------------------
(৪৭) সৰগৰ পৰী
: চিৰঞ্জীৱ শঙ্কৰ
( ৩১/০৫/২০০২ )
মেঘাচ্ছন্ন আকাশ ভেদি
বিজুলী চমকেৰে উৰি
কোন তুমি সৰগৰ পৰী
আহিছা যে
এই মৰতলে নামি ?
তোমাক নামি অহা দেখি
সুধিছিলোঁ মই চিঞঁৰি চিঞঁৰি
আছে জানো সৰগৰ
কিবা খবৰ - বাতৰি ?
শংখৰ ধ্বনিৰে আঁদৰিলো তোমাক
আমাৰ পৱিত্ৰ মাতৃৰ বক্ষত ।
সৰগৰ কি-বা বাতৰি
আমি আহিছো শুনিবলে' ল'ৰি
তোমাৰ নিচেই ওচৰলে'
আমাক অহা দেখি
তুমি দেখোন গ'লা
বহু দূৰণিলে' আঁতৰি
নিদিয়াকৈ সৰগৰ বাতৰি...
---------------------------------------
(৪৮) যৌৱন মধুৰ ৰাগিনী
: চিৰঞ্জীৱ শঙ্কৰ
( ১৮/০১/২০১৯ )
অন্ধ প্ৰেম
নে
অন্ধ আমি
আজিও নুবুজিলো
বুজি নাপালোঁ
দুচকুত
সপোনৰ বোল আঁকি
কলিজা কপায়
কিয় বাজি উঠে
যৌৱন মধুৰ ৰাগিনী...
----------------------------------
(৪৯) হয়তো তুমিও পাহৰি গ'লা মোক
: চিৰঞ্জীৱ শঙ্কৰ
( ০১/০৭/২০১৫ )
পলৰীয়া সময়ৰ গতিত
অসীমত হেৰাল
অলেখ জনৰ ঠিকনা
এতিয়া
তুমি ক'ত
আৰু সিহঁত... ?
সিহঁতবোৰৰ দৰে
হয়তো
তুমিও পাহৰি গ'লা মোক
মোৰ অস্তিত্বক
চিৰদিন,
চিৰকালৰ বাবে...
----------------------------------
(৫০) ফাগুনী অনুভৱ - ২০২০
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
১৩/০২/২০২০
ফাগুন আহিলেই
চঞ্চল হৈ পৰা তুমি
চঞ্চল হৈ পৰে
এই ধৰাৰ প্ৰকৃতি
ক্ৰমশঃ
শুকান সৰাপাতৰ লগত
পচোঁৱা জাকে
উৰুৱাই লৈ যায়
মনৰ মলিন ভাবনা
আৰু
দি যায়
সপোন ৰঙী মৰমী প্ৰেৰণা
হয়তো সেই বাবেই
দেহত জাগি উঠে
প্ৰীতি মধুৰ যৌৱন উন্মাদনা...
-----------------------------------------
(৫১) বিষাদ বাঁহী
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৬/০৪/২০১৪)
এন্ধাৰ কোঠাৰ
খিৰিকী খন খুলি
সমুখৰ আকাশলে'
চালোঁ দুচকু তুলি
চাই দেখা পালোঁ
তন্দ্ৰাত মগন
বিষণ্ণ
এখন মুখ
মুখত নাই হাঁহি
কলিজাত
আছে মাথোঁ বাজি
বিষাদ বাঁহী...
-----------------------------------
(৫২) জীৱন ৰথ
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৬/০৪/২০১৯)
আশা-নিৰাশাৰ
মাজতেই আছে
জীৱনৰ মাদকতা
কেতিয়াবা
বিচৰাটো পাওঁ
আৰু
কেতিয়াবা হেৰুৱাওঁ
সময়ৰ গতিত
এনেদৰেই চলি আছে
জীৱন ৰথ...।
---------------------------------------
(৫৩) মালবিকা
: চিৰঞ্জীৱ শঙ্কৰ
(৩১/০৩/২০১৭)
অমানিশাৰ এন্ধাৰৰ দৰে
যেতিয়া
বিষণ্ণতাই আগছি ধৰে
তেতিয়া তোমালৈ
বৰকৈ মনত পৰে
আৰু
অনুভৱ কৰোঁ ।
নিসংগ জীৱনৰ আকুলতা
মালবিকা-
তোমাৰ অৱৰ্তমানত
সোণাৰুৰ ডালত কিজানি
বেজাৰতে নুফুলে
ফুল হালধীয়া
ঠিক তেনেদৰে
মোৰ কলিজাতো নুফুলে
সপোন বাৰে বৰণীয়া
হয়তো
সেইবাবেই
সপোন দিঠক একাকাৰ কৰি
তোমাক বিচাৰি ব্যাকুল হওঁ
তথাপিও কিয় সোণ
তোমাক বিচাৰি নাপাওঁ...?
-------------------------------------
(৫৪) প্ৰতিশোধৰ বিষাক্ত অগনি
: চিৰঞ্জীৱ শঙ্কৰ
( ১৪/০২/২০১৯ )
স্বাৰ্থ লোভি মই
নে
স্বাৰ্থ লোভি তুমি
আজিও নুবুজিলো
বুজি নাপালোঁ
তোমাৰ
অন্তৰাত্মাত বিয়পি থকা
প্ৰদূষিত ভাবধাৰাৰ অন্তৰালত
আছে নেকি জ্বলি
প্ৰতিশোধৰ বিষাক্ত অগনি...
------------------------------------
(৫৫) ♚ নিলাঞ্জনা ♚
☞ চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
তোমাৰ
মধুৰ চুমাৰ পৰশত
অবাক হৈ পৰে যৌৱন
উত্তেজিত হৈ পৰে
নিথৰ দেহা
আৱেগিক হৈ পৰে
মন-প্রাণ
হয়তো
সেই বাবেই
ভোমোৰাই
ফুলৰ মধু বিচাৰি ফুৰাৰ দৰেই
নিবিড় ভালপোৱাৰ
ৰসাল সান্নিধ্য বিচাৰি
পদুলিৰ নিজানত
লহপহকৈ বাঢ়ি অহা
নাহৰ জোপাৰ তলত
ভিৰ কৰেহি
অলেখ ডেকাৰ মন
থিক তেনেদৰেই
ভিৰ কৰোহি মই
আৰু দূৰণিৰ পৰাই
চকুত,
চকু আবদ্ধ কৰি
ভাৱনাত বিভোৰ হওঁ
নিলাঞ্জনা
দুচকুৰ সন্মুখত
যেতিয়া
আঁউসীৰ এন্ধাৰে আগছি ধৰে
তেতিয়া বুকুত
অলেখ আশা সাবটি
ৰৈ থাকো
দুয়ো ৰৈ থাকিম
চিৰদিন-চিৰকাল
মাথোঁ
এমুঠি পোহৰৰ অপেক্ষাত ...
--------------------------------------
(৫৬) আইৰ বিষাদ চকুলোঁ দুধাৰি
: চিৰঞ্জীৱ শঙ্কৰ
(২৩/০৩/২০০৯)
আকাশত
দিনৰ পোহৰত
নিজানত
নিশাৰ জোনাকত,
সপোনত,
দিঠকত,
সকলোতে দেখা পাওঁ
মাথোঁ
তোমাৰ প্ৰতিচ্ছবি
আৰু
তোমাৰ সঁজল দুচকুত
দেখা পাওঁ
বিধবা আইৰ
বিষাদ চকুলোঁ দুধাৰি...
---------------------------------
(৫৭) তোমাৰ অবৰ্তমানত
:চিৰঞ্জীৱ শঙ্কৰ
দুখবোৰ
এতিয়া
কলিজাৰে বৈ যায়
সিৰাই উপসিৰাই
বিষাদ গীতি গাই গাই
তুমি চাগে শুনা নাই
তুমি চাগে দেখাও নাই
তোমাৰ অবৰ্তমানত
কেনেদৰে আছো জীয়াই...
-------------------------------------------------------
(৫৮) শুৱনি ধৰণী
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(১৩/০৮/২০০৫)
বসন্তই ন-সাজেৰে
ন-কৈ সজোৱা
গছ-বন-তৰুলতা
সেউজীয়া পাতেৰে ভৰা
আই তই শুৱনি ধৰণী
তুমিয়েই আমাৰ মৰমী জননী
তোৰে মান শুৱনি
আৰু আই
ক'তো কোনো নাই
অতিকে মৰমৰ
অতিকে চেনেহৰ
অতিকে শান্তিৰ ঠাই
শুৱনি ধৰণী
আমাৰ চেনেহী আই
তযু উপমা
আমি
কতোৱেই বিচাৰি পোৱা নাই
অতিকে মনোৰম
অতিকে বিতোপন
আমাৰ মনোমোহা ঠাই
শুৱনি ধৰণী
আমাৰ চেনেহী আই
তোৰে মান শুৱনি
আৰু
কতো যে দেখা নাই...।।
------------------------------------------------
(৫৯) ফুলিছে এপাঁহি ফুল
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৫)
আকাশৰ নীলাত
জোনৰ
জোনাকী নিচাত
চেঁচা গধূলিৰ
মধুৰ আমেজ...
দেহৰ
যৌৱনা তৃষাত
ফুলিছে এপাঁহি ফুল
গোন্ধত আমোলমোল...
-------------------------------------------------------
(৬০) প্রেমত পৰিবলৈ মোৰো মন যায়
: চিৰঞ্জীৱ শঙ্কৰ
প্রেমত পৰাৰ বয়স
এটিয়া
আৰু নাই
তথাপিও কিয়
প্রেমত পৰিবলৈ
সঘনাই
মন যায়
প্রেম যে স্বর্গীয়
প্রেমৰ তাড়নাত
জান
জুৰি
নিজৰায়ও
প্রকৃতিৰ
নিয়মক সন্মান জনাই
হাজাৰ বাধা নেউচিও
সাগৰলৈ বৈ যায়
হয়তো
সেই বাবেই
প্রেমত পৰিবলৈ
মোৰো মন যায়
কিন্তু হায়
মোৰ বাবেহে কোনো নাই
নাহে মৰম দিবলে' উজাই .......
-------------------------------------------------------
(৬১) অনুপমা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২৮/১০/২০১৫)
যৌৱনৰ স্পৰ্শত
যেতিয়া
তোমাৰ ওঁঠৰ হাঁহিবোৰ
শিমলু হৈ ফুলে
তেতিয়া
আকাশৰ নীলাবোৰ সাৱটি
তৰাবোৰেওঁ হাঁহে
সমীৰণৰ
জিৰি্জিৰি্ সুৰৰ
লহৰে লহৰে.....
অনুপমা
তুমি বাৰু আছানে কুশলে?
---------------------------------------------
(৬২) অলকানন্দা
: চিৰঞ্জীৱ শঙ্কৰ
( ২১/১০/২০১৭ )
মোৰ মৃত্যুৰ দিনা
তোমাৰ বিবেকৰ পদূলিত জ্বলিব
এগচি জ্ঞানৰ শলিতা
সমূহৰ আশীৰ্বাদত
চিতাৰ জুইত
জ্বলি-জ্বলি ছাঁই হ'ব
মোৰ নিস্পাপ কোমল দেহা
হয়তো সেইদিনাহে ফুলিব
গৰ্ভৰ সাৰুৱা খিনিত
মই ৰুৱা
শৰতৰ
স্নিগ্ধ শেৱালি জোপা
ঠিক তেনেদৰে
বিষণ্ণ পৃথিৱীৰ ক'লাহল নেওচি
আঁউসীৰ এন্ধাৰত
বিষাদৰ
বিষাক্ত ক'লা ৰং মচিবলে
অনুভূতিৰ দাপোনত
জিলিকি উঠিব
এৰি অহা দিনবোৰৰ
কল্পনা-মণ্ডিত
অলেখ মধুৰ গীতি-কবিতা
অলকানন্দা-
যেতিয়া মোৰ অৱৰ্তমানত
বুকুৱে হাহাকাৰ কৰি বিনাব
তেতিয়া জানো আহিম ওভতি
কপালত হাত বুলাই
তোমাক নিচুকাবলে
তেতিয়া জানো আহিম ওভতি
দুখৰ সমভাগী হৈ
হাঁহি-হাঁহি
তোমাক হহুৱাবলে'...
---------------------------------------------
(৬৩) অনুৰাধা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২১/০৪/২০১০)
মই জানো
তুমি নাই
আজি ক'তোৱেই নাই
তথাপিওঁ আছোঁ
অকলে থাকিম জীয়াই
এই ধৰাৰ বুকুত
মাথোঁ
তোমাকে ধিয়াই...
-------------------------------------------------------
(৬৪) বিষাক্ত ক'লা ৰং
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৫/১০/২০১৫)
নিশাৰ এন্ধাৰত
বসন্তৰ
সুগন্ধি উমাল পৰশ
স্নিগ্ধ জোনাকীৰ
মুগ্ধ ৰসাল
পোহৰৰ সান্নিধ্যত
উন্মনা
প্ৰকৃতিৰ নৱ-গুঞ্জন...
আকাশৰ নীলিমা
লিৰিকী-বিদাৰি উৰি ফুৰা
উন্মুক্ত বতাহৰ
জিৰি্জিৰি্ অবাক শবদত
প্ৰেমৰ
ৰসাল মাধুৰী সানি
তোমাৰ স্মৃতিবোৰে
দুচকুত
অলেখ সপোন আঁকে
আৰু দেহত
সজীৱ শিহৰণ ঢালি
ভাদুৱা বানৰ দৰে
উত্তাল তৰংগ তুলি
বুকুৱেদি
বৈ যায়
শিৰাই-উপশিৰাই...
হয়তো
সেইবাবেই
অনুভৱি মনে
মচি পেলাই
বিষাদৰ
বিষাক্ত ক'লা ৰং...
-------------------------------------------
(৬৫) বুকুৰ বান্ধৈ
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৫)
বুকুৰ বান্ধৈ মোৰ
কিনো দিম
কিনো দিম তোমাক
দিবলে' আছেনো কি
দুহাতত মাথোঁ শূণ্যতা
আৰু আছে
দুচকুৰ সমুখত বন্দী
এখন বিশাল আকাশ
আকাশত
আঁউসীৰ ঘোৰ আন্ধাৰ
চৌপাশে মাথোঁ নিস্তব্ধতা...
---------------------------------------------
(৬৬) মৰমী
: চিৰঞ্জীৱ শঙ্কৰ
(ছমৰীয়া সত্ৰ)
জীৱনে
মাথোঁ বিচাৰে
প্ৰতিটো নিশাৰ
জোনাকী মধুৰ সান্নিধ্য
আৰু
বিচাৰে কি
জানানে মৰমী ?
তোমাৰ
গোলাপী দুটি ওঁঠৰ
মৰমৰ মাঁত এসাঁৰি...
---------------------------------------------
(৬৭) আকাশী-গঙ্গা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০২/০৪/২০০৪)
নালাগে সৌ আকাশৰ
জিলিমিলি তৰা
নালাগে সৌ আকাশৰ
আকাশী-গঙ্গা
যদি তুমি দিয়া উজাৰি
আলসুৱা হিয়াৰ মৰম এধানি
নালাগে একোৱেই মোক
ইয়াৰ বাহিৰে
তোমাৰ হৃদয়ৰ পৰা
অ' মৰমী
অনামী লগৰী
তোমাৰ হৃদয়ৰ পৰা
হৃদয়ৰ আঁৰে আঁৰে গোপনে
বুকুৰ মাজতে,
বহু আশাৰে
সাঁজিছো সোণৰ কাৰেংঘৰ
সোন কাৰ বাবে ?
মাথোঁ তোমাৰ বাবে
মোৰে জীৱনৰে লগৰী
বুকুৰ মৰমবোৰ উজাৰি
দিবানে সহাৰি মোক
অ' মৰমী
অনামী লগৰী
দিবানে সহাৰি মোক
লুইতৰ পাৰে পাৰে অকলে নিৰৱে
অনুভৱি হিয়াতে,
বহু ভাষাৰে
ৰচিছোঁ উজাগৰে ৰাতি কবিতা
সোন কাৰ বাবে
মাথোঁ তোমাৰ বাবে
মোৰে জীৱনৰে লগৰী
বুকুৰ মৰমবোৰ উজাৰি
দিবানে সহাৰি মোক
অ' মৰমী
অনামী লগৰী
দিবানে সহাৰি মোক ।।।।
-------------------------------------------------
(৬৮) ঐ জান
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৪/০৪/২০০৬)
ঐ জান
গোলাপৰে কলি
ফুলপাঁহ হৈ ফুলিলে
বৰ ধুনীয়া দেখিবলে'
পিছে হায় !
ক'বলে মোৰ লাঁজ লাগে
শুনিবলেওঁ সোন ভাল নালাগে
ফুলপাঁহ যে ফুলিলেই
ৰ'দত মৰহি সৌন্দৰ্য হেৰাই
ঐ জান
চহৰৰে ছোৱালী
সাঁজি-কাচি ওলালেওঁ
মোৰ যে ভাল নালাগে
পিছে হায় !
ক'বলে মোৰ লাঁজ লাগে
ক'বলে সোন ভয় লাগে
মিছা কথাৰে মন ভুলায়
সিহঁতৰ মান চলাহী নাই
ঐ জান
গাৱৰে ছোৱালী
সাঁজি-কাচি নোলালেওঁ
ৰূপহী যেন লাগে
পিছে হায় !
ক'বলে মোৰ লাঁজ লাগে
ক'বলে সোন বৰ ভাল লাগে
তোমাৰ মান শুৱনি
মই যে কতোৱেই দেখা নাই...
-----------------------------------------------
(৬৯) তুমি
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৩/০২/২০০৯)
বহু গীতি-কবিতাৰ
আৰম্ভণি তুমি
বহু গীতি-কবিতাৰ
শেষতো তুমি
তুমি
মোৰ ভাৱনাত
এখন বিশাল নদী...
-----------------------------------------------------
(৭০) কিছুদিন পিছত মোৰ মৃত্যু হ'ব
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৩/০৪/২০২০)
হয়তো
কিছুদিন পিছত
মোৰ মৃত্যু হ'ব
মৃত্যুৱে
তোমাৰ দুচকুত উজ্জ্বলি থকা
মধুৰ সপোনবোৰ মোহাৰি
বিষণ্ণতাৰে ভৰা
দুধাৰি চকুলোঁ আঁকিব
ওঁঠত
মৌনতাৰ আভাস ঢালি
কলিজাত
বিষাদৰ কালিমা সানিব
হয়তো
কিছুদিন পিছত
মোৰ মৃত্যু হ'ব.....
-----------------------------------------------------
(৭১) নৱ-বৰ্ষৰ নৱ-প্ৰভাত
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০১/০১/০৩)
নৱ-বৰ্ষৰ ন-প্ৰভাততে
ন-সাঁজেৰে সাঁজি-কাঁচি
ন-কইনা জনী হৈ
কোন বাৰু তুমি
কোৱানা অনামী
আহিছা
মোৰ জীৱনলে'
এবুকু মৰম, স্নেহ ঢালি
আশাৰ নুমাই যোৱা
চাকি গছি
পুনৰ জ্বলাবলে'
নৱ-বৰ্ষৰ ন-প্ৰভাততে
তোমাক অহা দেখি
ভৈৰৱ প্ৰভাতবোৰো যেন
আজি শান্ত হ'ল
আৰু...
সঙ্গী বিহীন জীৱনো
তোমাতেই মিলি গ'ল
কোন বাৰু তুমি
নিদিয়াকৈ
নিজৰ পৰিচয়
আছা গোপনে খেলি
কলিজাৰ
নিবিড় এটি কোনত...
------------------------------------
(৭২) তোমাৰ স্মৃতিবোৰ এৰি
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০০৩)
বিহুৰে বাতৰি পাই
লাহী কঁকালটি ঘূৰাই
সুৰীয়া বিহু গীতি এফাঁকি গাই
আহিছিলা যে তুমি
ধুনীয়া পখিলাটি হৈ উৰি
ফুলনিয়ে ফুলনিয়ে পৰি
ক্লান্ত হৈ আজি
জিৰণি লৈছিলা
মোৰ মন-কাননত
এখন্তেক বহি
হঠাৎ দেখোন তুমি
কিবা ভাবি
গ'লা অহা বাটেৰে ওভতি
মোৰে মন-কাননত
মাথোঁ স্মৃতিবোৰ এৰি
----------------------------------------
(৭৩) ধুনীয়া ছোৱালীবোৰ হেনো ঘূণিয়া
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৭)
কোনোবাই
কৰোবাত কোৱা শুনিছিলোঁ
ধুনীয়া ছোৱালীবোৰ হেনো ঘূণিয়া
হয়তো
সেই বাবেই
বুকুৰ মৰম ঢালি
ঘূণিয়া শৰীৰ
পুনৰ ধুনীয়া কৰিবলৈ
প্ৰয়াস কৰিছিলোঁ
আৰু
হোমৰ জুইক সাক্ষী কৰি
নিজৰ বুলি
ভালপোৱাৰ
এনাজৰীৰে বান্ধিছিলোঁ...
----------------------------------------
(৭৪) এটি মৃদু চুম্বন
: চিৰঞ্জীৱ শঙ্কৰ
(২০/১০/ ২০০৬ )
যৌৱনে গৰকা
উৰণীয়া পাখি লাহি
মনৰ আলি-দোমোজাত
আনে-বানে সিঁচৰিত
ৰ'দালি ফুলাম
ৰূপহী ভাৱনাৰ ছাঁত
লহপহে বাঢ়ি অহা আশাৰ
চিকিমিকি হেঙুলী ডালত
জকমকাই ফুলি থকা
প্ৰীতিভৰা নিভাঁজ ফুলপাঁহ
আঁলফুলে চিঙি আনি
মৰমতে দিছিলোঁ গুজি
তোমাৰ লিহিৰী খোপাত,
উন্মনা গাভৰু ভাৱনাত ।
তেতিয়া
তুমিও দিছিলা
জোনাকী মধুৰ হাঁহি এটি মাৰি
সেন্দুৰীয়া ৰূপমাধুৰী ঢালি
উমাল বুকুৰ স্তিমিত আলিঙ্গণ
আৰু
যুঁৰিয়া ওঁঠৰ
এটি মৃদু চুম্বন ।
----------------------------------------------
(৭৫) হালধীয়া মোৰো প্ৰিয়
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৭)
তুমি
হালধীয়া ভালপোৱা
হালধীয়া মোৰো প্ৰিয়
হয়তো
সেইবাবেই
তোমাৰ মনৰ পদূলিত
এজোপা
সোণাৰু হৈ ফুলিছিলোঁ
মাদলৰ তালত
বতাহৰ ঢৌৱে ঢৌৱে
দুলি দুলি নাচিছিলোঁ,
গাইছিলোঁ
আৰু
মুঠি মুঠিকৈ
হালধীয়া বোৰ চটিয়াই
তোমাক
সুখী কৰিবলৈকে
নিতে
সপোন ৰচিছিলোঁ...
----------------------------------------------
(৭৬)
----------------------------------------------
(১)কোন তুমি অনামী
: চিৰঞ্জীৱ শঙ্কৰ
( ছমৰীয়া সত্র )
চিনাকী
সৌ আকাশৰ
গভীৰ নীলাত
জিলিকী উঠিছে
জোনৰ জোনাকী আভাত
এখন বাগিচা
সেউজীয়া সপোনৰ বাগিচা
বাগিচাত
নীৰৱে ফুলি আছে
অলেখ ফুল
শুভ্র,
ৰঙা,
নীলা আৰু হালধীয়া
তাৰে মাজৰ
কোনোবা এটি ফুলৰ মায়াত
মনৰ অভিমান
মনতে ঠেকেচি থৈ
বুকুত
সজীৱ আৱেগ - অনুভূতি সিঁচি লৈ
কোন তুমি ৰূপহী
মৰমী ৰংঢালি পখিলী
বিগত দিনৰ
স্মৃতি সোঁৱৰী
অকলে হেলাৰঙে
আছা খেলি - উমলি
কোন তুমি অনামী
নিচিনি শুধিছো তোমাৰ পৰিচয়...
☆☆☆☆☆☆☆☆☆☆☆☆
(২) ♚মোৰ শেষ আশা♚
☞চিৰঞ্জীৱ শঙ্কৰ
(ছমৰীয়া সত্র)
ল'ৰালিৰ
প্রতিটো ঘাটত
দুয়ো একেলগে বহি
ৰচিছিলোঁ
ক'ত যে ৰঙীণ সপোন ।
সেই
ৰঙীণ সপোনবোৰ
আজি কেনি গ'ল
কেনি গ'ল ভাঙি-চিঙি ?
যৌৱনৰ
প্রভাতী বেলাতে
ভাবিছিলোঁ
গুপুতে বহু কথা
ৰচিছিলোঁ মনতে
অলেখ গীতি-কবিতা ।
গীতি-কবিতাৰ মাজত
তোমাকো ৰখিছিলো জীয়াই
প্রতিটো শব্দৰ ছন্দত লুকুৱাই ।
তুমিতো নুবুজিলা
সেই শব্দেৰে
মনত গুপুতে সাঁচি ৰখা
হৃদয়ৰ গোপন ভাষা
তুমিয়েই যে আছিলা সোণ
মোৰ শেষ আশা ।
☆☆☆☆☆☆☆☆☆☆☆☆
(৩) ♚ঈশ্বৰ♚
☞চিৰঞ্জীৱ শঙ্কৰ
তুমি অবিহনে
দুখৰ
ধূষৰ ৰাতি আঁতৰিবনে
তুমি অবিহনে
সুখৰ
জোনৰ চাকি জ্বলিবনে
তুমি অবিহনে
এই প্রকৃতিৰ অস্তিত্ব অসাৰ
তুমি ঈশ্বৰ
তুমি পৰমাত্মা
তুমিয়েই পিতা-পিতাম্বৰ
তুমি বন্ধু
তুমিয়েই ভাতৃ আমাৰ আত্মাৰ।
☆☆☆☆☆☆☆☆☆☆☆☆
(৪) শ্রেষ্ট জীৱৰ অস্তিত্ব ...
: চিৰঞ্জীৱ শঙ্কৰ
মৰিশালিত
চিতাৰ জুইত
জ্বলি-জ্বলি ছাঁই হোৱা
মানৱী
প্রতিটো দেহাৰ অৱশেষ
সেই অৱশেষৰ মাজত
আছে নেকি
আছে নেকি
চাওঁ লিৰিকি-বিদাৰি
শ্রেষ্ট জীৱৰ অস্তিত্ব...
☆☆☆☆☆☆☆☆☆☆☆☆
(৫) মোৰ ল'ৰালি
:চিৰঞ্জীৱ (শঙ্কৰ) কলিতা
:ৰচনাৰ সময় : 2000 চন
মোৰ ল'ৰালি খেলাৰ লগৰী
খেলিবানে তুমি
মোৰ স'তে আবেলি ?
কৰিবানে তুমি
মোৰ স'তে ধেমালি ?
আহিবা জানো তুমি
জীৱনৰ অন্তিম ক্ষণত
খেল খেলিম বুলি ?
মোৰ ল'ৰাল জোনৰ জোনাকী
থাকিবানে তুমি
মোৰ শৈশৱক উজ্বলাই ?
কৰিবানে তুমি
মোৰ হৃদয়ক আমনি ?
আহিবা জানো তুমি
বিচলিত হৃদয়ত মোৰ
সাগৰৰ গভীৰতা আনিবলৈ.....?
( মই লিখা তথা চপা আখৰত প্রকাশ হোৱা মোৰ প্রথম কবিতা ।
সিমান ভাল হোৱা নাছিল যদিওঁ এই কবিতাটোৰ পৰা মই কবিতা লিখিবলৈ বহুত সাহস পাইছিলো ।
এই কবিতাটো প্রকাশ হোৱা আলোচনী খনৰ নাম "প্রেৰণা" )
☆☆☆☆☆☆☆☆☆☆☆☆
(৬) এজাক সপোন যেন বৰষুণ
: চিৰঞ্জীৱ শঙ্কৰ ( ছমৰীয়া সত্র )
দচকুত
এজাক সপোন
যেন বৰষুণ
নিৰবতাৰ ওঁৰণি ঠেলি
গুপুতে নামি আহে
আৰু
দেহত
চেচাঁ শিহৰণ তুলি
বুকুৰে বাগৰি যায়
শিৰাই - উপশিৰাই
এজাক সপোন যেন বৰষুন...
মধুৰ স্মৃতিৰে
বুকুত আকিব খোজো
কোনেওঁ মচিব নোৱাৰা
এখন ছবি মৰমৰ
ৰচিব খোজো
যৌৱনৰ এটি গান
সুমধুৰ.....
এজাক সপোন যেন বৰষুণ.....
☆☆☆☆☆☆☆☆☆☆☆☆
(৭) সেউজীয়া আভাস
:চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
৬/০৩/২০০৯ )
টেমছ্ - মিচিচীপিৰ পাঁৰত
লহপহে বাঢ়ি অহা
যৌৱন উদ্দীপ্ত
ইউকেলিপটাছ,
মেপল,
হিজল,
পাইন, ছিদাৰৰ ছাঁত
ভাগৰত
জিৰণি বিচাৰি ফুৰা
অলেখ বাটৰুৱাৰ
উশাহ - হুমুনিয়াহ খিনি
লিৰিকী - বিদাৰি
পামনে বিচাৰি
হেৰোৱা অতীতৰ
বাস্তৱ
মধুৰ ইতিহাস
আৰু
আগত দিনৰ
সজীৱ
সেউজীয়া আভাস...
------------------------------------
(৮) ♚ভৱিষ্যত গড়াৰ সপোন♚
☞চিৰঞ্জীৱ শঙ্কৰ
প্রতিটো ঋতুৰ মৌন স্পর্শত
সেউজীয়া হৈ ফুলি উঠা
প্রকৃতিৰ
নতুন ৰূপত মুগ্ধ
এই পৃথিৱী
আৰু মুগ্ধ আমি
হয়তো
তাৰেই ৰসাল অনুভূতিৰে
জীপাল
আমাৰ দেহত
সিৰাই-উপসিৰাই
অনর্গল বৈ থকা
কেচাঁ তেজৰ সোঁতত
মনত,
প্রাণত
প্রতিপলে বাজি উঠে
এধানি সুৰ মৰমী মধুৰ
সেই সুৰৰ মায়াত
প্রতি মানৱ দৃষ্টিত
জাগি উঠে
ভৱিষ্যত গড়াৰ
অলেখ ৰঙীন সপোন
নিতে নতুন নতুন
-------------------------------------
(৯) ♚অংশুমালী♚
☞ চিৰঞ্জীৱ শঙ্কৰ
তোমাৰ উপস্থিতিত
প্রতিটো
ঋতুৰ পৰিৱর্তনে
প্রকৃতিৰ
শূণ্য উদৰ
পূর্ণ কৰে
সেউজীয়াৰ
মধুৰ গুণগুণনিত
ৰসেৰে ভৰি পৰে
মৰুময়
শুকান পথাৰ
আৰু
জীপাল কৰি তোলে
মানৱী
দেহা-মন-পৰাণ...
☆☆☆☆☆☆☆☆☆
-------------------------------------
(১০) ♚তোমাৰ মৰমৰ কোমল পাৰিজাত♚
☞চিৰঞ্জীৱ শঙ্কৰ
(ছমৰীয়া সত্র)
সৌ আকাশৰ গভীৰ নীলাত
মেঘৰ আঁৰত
লুকা-ভাকু খেলি থকা
জোনৰ
জোনাকী আভাত
দুচকুৰ পতা স্পর্শি
সমুখেৰে বৈ যোৱা
সপোনৰ মধুৰ নিচাত
সুন্দৰী
কোনোবা ৰমণীৰ
এহালি ওঁঠৰ
মৰমী ভাষাত ৰচা
উদাস
আকুল গীতি-কবিতাত
উত্তেজিত দেহৰ যৌৱনা তৃষাত
বাগিচা বাগিচা লগা
বুকুৰ সাৰুৱাখিনিত
এদিন
নিৰৱে ফুলিব
তোমাৰ মৰমৰ কোমল পাৰিজাত...
☆☆☆☆☆☆☆☆☆☆☆☆
--------------------------------------
(১১) ♚অভিমানী♚
☞চিৰঞ্জীৱ শঙ্কৰ
অভিমানী
পাহৰি গ'লা নেকি
জোন-তৰা-বেলিক
নিবিড়ে সাক্ষী কৰি
তুমি
মোক,
মই
তোমাক কোৱা
প্রীতি মধুৰ কথাবোৰ
অভিমানী
পাহৰি গ'লা নেকি
মধুময় জীৱনৰ
সেউজ প্রতিশ্রুতি ...
----------------------------------
(১২) তুমি অৰ্ধ নগ্ন হৈছা কিয় ?
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২৮/০৭/২০০৭)
নগ্নতাই যদি
মানৱক পশুত্ত্ব দান নকৰে
যদি নগ্নতাই
জীৱশ্ৰেষ্ঠ মানৱৰ
শ্ৰেষ্ঠতা ম্লান নকৰি
দুগুণে বঢ়াব পাৰে
তেন্তে তুমি
অৰ্ধ নগ্ন হৈছা কিয় ?
অৰ্ধ নগ্ন হোৱাতকৈ দেখোন
পূৰ্ণ নগ্ন হোৱাটোৱেই শ্ৰেয় ।
- - - - - - - - - - - - - - - - - - - - -
(১৩) সুখৰ সমাধি
: চিৰঞ্জীৱ শঙ্কৰ
(০৮/০১/২০২০)
শীতৰে সেমেকা ৰাতি
শেৱালিৰ ডালত
এতিয়াও আছে ফুলি
ফুল শুভ্ৰতাৰে ভৰা
সেই ফুলৰ মায়াতেই
মুগ্ধ আমি দুয়ো
আৰু
মুগ্ধ পৃথিৱীৰ কায়া
হঠাৎ
সমুখেৰে বৈ যায়
বিষণ্ণতাৰে ভৰা
আঁউসীৰ আন্ধাৰুৱা ছায়া
ঠিক তেনেদৰে
মোৰ দেহৰ
সিৰাই উপসিৰাই বৈ যায়
বিষাদ নামৰ এখন নদী
বিষণ্ণতাৰে ভৰা
হয়তো সেই বাবেই
উজাগৰী কটাও ৰাতি
ভঙা সপোনবোৰ যোৰা দি
কিজানিবা পাৱেই বিচাৰি
জীৱনৰ অন্তিম ক্ষণত
সুখৰেই সমাধি
------------------------------------
(১৪) যাযাবৰী চৰাই
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
ৰচনা : ২০০১
ৰাতিৰ পিছত
অলেখ ৰাতি ধৰি
এন্ধাৰৰ গভীৰতা নেওচি
নীলা আকাশৰ তৰাবোৰে
সমাজিকতে নামি আহি
মনৰ জোনাকত উজ্বলি
কৰিছিল বহু ৰং ধেমালি
মাথোঁ
মোৰ শৈশৱক সোঁৱৰি
দিনৰ পোহৰত আহিছিল উৰি
মোৰ মন কাননত
এখন্তেক জিৰাম বুলি
ক্লান্ত যাযাবৰী চৰাই এযুঁৰি
সিঁহতক
মাথোঁ দিছিলোঁ
ভৰালৰ এমুঠি ধান
হৃদয়ৰ
এটি কোণত ক্ষন্তেক স্থান
আৰুতো একো নাছিল
মোৰ দুহাতত
ইয়াৰ উপৰি দিবলে সিঁহতক
তাকে পাই চৰাই যুঁৰিয়ে
উলাহতে নাচিছিল
গাইছিল
আৰু যে কত
ৰঙীণ সপোন ৰচিছিল
সেই ৰং ধেমালিৰ মাজেৰেওঁ
মোক লৈ গৈছিল
গভীৰৰ পৰা গভীৰতৰলৈ
অতীতৰ দুৰ্গম বাট অতিক্ৰমি
ভৱিষ্যতৰ নিজান পথৰ দুৱাৰ মুখলৈ …
-----------------------------------
(১৫) তুমি আহিবা বুলিয়েই
:চিৰঞ্জীৱ শঙ্কৰ
(২৩/০৭/২০০৫)
নীলিম আকাশৰ
জোনালী,
তৰালী আৰু ৰ'দালিহঁতে
চিলমিল টোপনিতে
নামি আহি সপোনতে
গোপনে নিশব্দে
ক'লে মোক কাণে কাণে
তুমি আহিবা বুলি
এইটো বসন্ততে
হৈ কোমলীয়া এটি কলি নাহৰৰে
তুমি আহিবা বুলিয়েই
বাৰিষাই ডাৱৰে ডাৱৰে
সজালে নীলাভ আকাশ
শৰতে বিলালে
শুভ্ৰ শেৱালিৰ সুবাস
শিতেওঁ পিন্ধালে
দূবৰি দলিচাক
নিয়ৰৰ শীতল সাঁজ
তুমি আহিবা বুলিয়েই
গধূলি পৰত
পদূলি মূৰত গৈ
আছিলোঁ যে ৰৈ
তোমাৰেই অপেক্ষাত
আহিবা জানো
এইটো বসন্ততে
ৰঙালীক ৰঙেৰে সজাবলে'
অ' চেনেহী
মোৰ স্মৃতিৰ লগৰী
সচাকে কোৱানা
নিশাৰ সপোনতে আহি ।
-------------------------------------
(১৬) অসমীয়া নহয় উন্মাদ হত্যাকাৰী
: চিৰঞ্জীৱ শঙ্কৰ
(১১/০৭/২০১৯)
অসম
শান্তি সমন্বয়ৰ তীৰ্থস্থান
অসম নহয়
আতঙ্কৰ আন এটি নাম
মোৰ দৃষ্টিত
মোৰ দৰেই
তুমিও
অসমী আইৰেই সন্তান
তথাপিওঁ কিয়
আইক
হত্যাকাৰি সজালা
অসমীয়া
নহয় উন্মাদ হত্যাকাৰী
কিম্বা
নহয় হিন্দু,
মুছলিম বিৰোধী
অসমীয়া মানৱতাৰেই
আন এটি নাম ...
শেষত
জয় আই অসম ধ্বনিৰেই
অসমী আইক জনাওঁ শত প্ৰণাম ৷৷
--------------------------------------
(১৭) প্ৰীতি সমিধান
: চিৰঞ্জীৱ শঙ্কৰ
( ০৭/০৯/২০০৭ )
কুমাৰী প্ৰকৃতিৰ সেউজ সান্নিধ্যত
প্ৰভাতী পখীৰ মধুৰ গুঞ্জন
যৌৱনা দেহৰ
প্ৰতিটো অবাক ৰাগিণীত
প্ৰতিটো গীতি-কবিতাৰ
অনুৰণিত সুৰ-ছন্দত
অনুৰাগী জোনাকী শিহৰণ
সপোন ৰাণীৰ মৃদু আলিঙ্গণ ।
ৰ'দালিৰ পৰশ লাগি
ৰূপৱতী
কোনোবা মিচিং ৰমণীৰ
অৰ্ধনগ্ন সেন্দুৰীয়া দেহত
মণি-মুকুতা হৈ জিলিকি থকা
সুগন্ধি ঘামৰ
প্ৰতিটো টোপালত,
মেথনি ফালি ওলাই আহিব খোজা
যৌৱন উদ্বেলিত
বিশাল বুকুৰ গভীৰতাত
মদিৰাত বিলীন
উজ্জ্বল কাতৰ দুচকুৰ মাদকতাত
কেতিয়াও
নিজকে হেৰুৱাব খোজা নাই
বলিয়া ফাগুনৰ বাঁ লাগি
ৰূপৱতী
কোনোবা ৰচকী নাৰীৰ
চঞ্চল হৈ উঠা
মুগা বৰণীয়া চুলিত
আলসুৱা দুটি ওঁঠৰ
প্ৰষ্ফুটিত মাধুৰী হাঁহিত
অহা যোৱা বাটত
নিতে পানী অনা ঘাটত
লাজুকী দুভৰিৰ
অভিমানী প্ৰতিটো খোজত
কেতিয়াও
নিজকে হেৰুৱাব খোজা নাই
ওখোৰা-মোখোৰা
জোনাক বিহীন জীৱন বাটত
ভাগৰত জুৰুলা হৃদয়ক
খন্তেক জিৰণি দিবলে'
মাথোঁ বিচাৰিছোঁ এডোখৰ ঠাই
কাৰোবাৰ হিয়াৰ
নিভৃত কোনোবা এটি কোনত
আৰু বিচাৰিছোঁ
কাৰোবাৰ এষাৰি ৰসাল মাঁতত
মোৰ মৰম,স্নেহ, ভালপোৱাৰ
প্ৰীতি সমিধান ।
---------------------------------------
(১৮) গোপনে কয়হি কাণে কাণে
: চিৰঞ্জীৱ শঙ্কৰ
স্থান: ছমৰীয়া সত্ৰ
(১৪/০৭/২০১৬)
যৌৱন উৰুখা পঁজাত
কলিজাৰ তেজাল আভাত
নিবিড় নিৰৱধি তৃষাত
আৱেশ সনা কল্পিত আশাত
দিয়া আঁকি তযু মৰমী আভাস
ৰিমঝিম ৰিমঝিম বৰষাই
মন আউলি-বাউলি কৰি
সোনালী চুলি মেলি
লৰক-ফৰক খোজেৰে আহি
মোৰে মন সাগৰ তীৰত বহি
থুনুক-থানাক মাতেৰে
ভালপাওঁ বুলি মোকে
আজি কিনো উলাহতে
গোপনে কয়হি কাণে কাণে
প্ৰতিটো কবিতা ৰাতিৰ
নিবিড় সপোনতে
পুষ্পিতা সময়ৰ তীব্ৰ গতিত
নীলাভ আকাশত শাৰদী জোনে
চঞ্চল বতাহৰ আকুল কোলাত
জোনাকী সপোন সিঁচি সিঁচি
মধুৰ অনামী হাঁহি এটি মাৰি
থুনুক-থানাক মাতেৰে
ভালপাওঁ বুলি মোকে
আজি কিনো উলাহতে
গোপনে কয়হি কাণে কাণে
প্ৰতিটো কবিতা ৰাতিৰ
নিবিড় সপোনতে ।।
Name : Chiranjib Shankar
C/o : Lt. Astik Kalita
Vill : Chhamaria Satra
P.o. : P. Chhamaria
P.s : Boko
Dist : Kamrup (R)
State : Assam
Pin : 781136
--------------------------------------
(১৯) উন্মেষ
গীতৰ কথা : চিৰঞ্জীৱ শঙ্কৰ
(২১/০৯/২০০৮)
উন্মেষ
মোৰ উন্মেষ
উন্মেষ
মনৰ প্ৰভাতী আৱেশ
উতনুৱা দেহাতে
উন্মনা মনে-প্ৰাণে
উতলা তেজে-তেজে
মধুৰ যৌৱনা উন্মেষ
পঢ়া টেবুলত
ভাৱনাৰ ফাগুন
প্ৰীতি কবিতাত
আৱেগ মধুৰ প্ৰকাশ
নীলাভ আকাশত
মৰমৰ জোঁৱাৰ
মেঘৰ আঁৰত
বেলিৰ ৰ'দালি উন্মেষ
মুকুতিৰ আশাত
দুচকুত সপোন
বুকুৰ মাজত
বিষাদ স্মৃতিৰ অৱশেষ
গভীৰ তমসাত
হেপাঁহৰ লগন
মৰমী ভাষাত
জোনৰ জোনাকী উন্মেষ...
--------------------------------------
(২০) সাগৰীকা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(১৬/০১/২০১৫)
কৰোবাত
কোনোবাই
কোৱা শুনিছিলো
তুমি হেনো
ফুল ভালপোৱা
সুগন্ধি
ফুলৰ দলিচাত
নিতে নতুন নতুন
সপোন ৰচি ভালপোৱা
হয়তো
সেইবাবেই
মৰুময়
বুকু চহ কৰি
বহু ৰঙী
ফুলৰ খেতি কৰাৰ
পৰিকল্পনা কৰিছিলোঁ...
-------------------------------------
(২১) জীৱন ৰঙ্গমঞ্চত তোমাক বিচাৰি
:চিৰঞ্জীৱ শঙ্কৰ
( ১৮/০৭/২০০৪ )
জীৱন নাটৰ ৰঙ্গমঞ্চত
কাৰোবাৰ
সুললিত কণ্ঠ স্বৰত
কাৰোবাৰ অমিয়া সুৰত
অভিনয়ৰ সোঁতত উতি ভাহি
হঠাৎ
নিৰৱে লুকাই
কতবাৰ কিমানক
নাচি নাচি নচুৱালোঁ
কতবাৰ কিমানক
হাঁহি হাঁহি হহুৱালো
আৰু
কতবাৰ যে কিমানক
কান্দি কান্দিও কন্দুৱালো
তথাপিটো নাই পোৱা
কাৰো মৰমী সঁহাৰি
আলসুৱা দুটি ওঁঠৰ
মৌ মিঠা মাত এষাৰি...
হয়টো সেই বাবেই
প্ৰতি পলে অনুভৱ কৰো নিসঙ্গতা
ক্ৰমশঃ
এন্ধাৰত হেৰাই গ'ল
জীৱনৰ মাদকতা...
-------------------------------------
(২২) নোপোৱা কিবা এটা বিচাৰি
: চিৰঞ্জীৱ শঙ্কৰ
( ২৯/০৮/২০০৭ )
স্মৃতিৰ এজাক বৰষুণত
জুৰুলি জুপুৰি হৈ
জহি খহি উৱলি যাব খোজা
উন্মাদ ভাৱনাৰ
পদূলিৰ জপনা খুলি
কাঞ্চন-বিভূষিত
কলিজাৰ গভীৰলৈ
তুমি এদিন
নিৰৱে সোমাই আহিছিলা
কোনোকালে
কাৰো কলিজাত নোপোৱা
প্ৰেম,
প্ৰণয়,
ভালপোৱাৰ সহাৰি আৰু
নোপোৱা কিবা এটা বিচাৰি
-------------------------------------
(২৩) একাঁজলি ৰূপমাধুৰী
: চিৰঞ্জীৱ শঙ্কৰ
( ২৫/০৮/২০০৬ )
আকাশৰ নীলা আঁচলত
পৰাণ উতলোৱা
গাভৰু বতাহ জাকত
প্ৰেমৰ উন্মেষ সানি
অনামী লহৰ তুলি
হাঁহি, নাচি,
ধেমালি কৰি
ৰঙীণ ৰঙতে উন্মনা উলাহতে
উৰি-উৰি ঘূৰি ফুৰা
যুৰিয়া প্ৰভাতী পখীৰ
আলসুৱা সুমধুৰ কণ্ঠত
মাধুৰী ৰসাল বহু অতীতৰ
মধু-মিঠা স্মৃতিত ৰচা
স্নিগ্ধ চিনাকি নতুন গানৰ
মুগ্ধ সুৰৰ মাদকতাত
আজি পালোঁ মই বিচাৰি
তোমাৰ
উতনুৱা উমাল বুকুত
আঁলফুলে সাঁচি ৰখা
অলেখ অযুত মৰম
আৰু
পালোঁ বিচাৰি
অৰ্ধনগ্ন ৰূপালী দেহত
উতলি-উঠলি যোৱা
এবুকু
একাঁজলি ৰসাল ৰূপমাধুৰী...
--------------------------------------
(২৪) অভিমানী মনালিছা
: চিৰঞ্জীৱ শঙ্কৰ ( ২০১৫ )
অভিমানী মনালিছা
মনৰ বেজাৰকণ
আঁতৰাই থৈ
সৌৱা চোৱা
সেউজীয়া পথাৰত
কুমলীয়া ধানৰ ঠোঁৰে ঠোঁৰে
যৌৱনা প্ৰকৃতিৰ নৱ-গুঞ্জন
অভিমানী মনালিছা
বুকুৰ ভিতৰখন
মোকোলাই লৈ
সৌৱা চোৱা
তৰাঁভৰা আকাশত
জোনাকী বানৰ ঢৌৱে-ঢৌৱে
সৰগী
ৰম্ভা-মেনকাৰ নাচোন
আৰু
আৰু কি চাবা কোৱা
মোৰ বুকুৰ ভিতৰখন ...!!!
ৰাম ভক্ত
হনুমান হোৱা হ'লে
দুহাতেৰে বুকুখন ফালি
দেখুৱালো হেতেন
আছেযে ভৰি অসীম মৰম
মাথোঁ তোমাৰ বাবে...
-------------------------------------
(২৫) তোমাৰ নিবিড় প্ৰতিচ্ছবি
: চিৰঞ্জীৱ শঙ্কৰ
(০৫/১১/২০০৭)
মোৰ দেহত
প্ৰতিটোপাল তেজত
প্ৰতিটো কোষত
উন্মুক্ত যৌৱনৰ
উদ্বিপ্ত ৰ'দালি
স্মৃতিৰ সমাধিত
মায়াবী জোনাকী
নীলাভ দুচকুত
তোমাৰ নিবিড় প্ৰতিচ্ছবি...
----------------------------------------
(২৬) এতিয়া তুমি নাই
: চিৰঞ্জীৱ শঙ্কৰ
( ২০১৪ )
জীপাল
ওঁঠ দুপাঁহীৰ
বেকাঁ হাঁহিটিৰ মধুৰতা ঢালি
কেৰাহীকৈ
কিয়নো চাই আছা অনামী
তোমাৰ
সেই নিবিড় চাৱনিত
মন
মৰমী উন্মাদনাৰে ভৰি পৰে,
বুকুতো যে জ্বলি উঠে
উন্মুক্ত যৌৱনৰ হেপাঁহৰ অগনি...
এতিয়া তুমি নাই
তথাপিওঁ আছো ৰৈ
স্মৃতিৰ চাকি এগচি জ্বলাই
মাথোঁ তুমি অহাৰ বাটলে চাই...
-----------------------------------
(২৭) ৰাংঢালি নিশাৰ জোনাকী জনী
: চিৰঞ্জীৱ শঙ্কৰ
( ১৭/০৮/২০০৭ )
কাল সময়ৰ মাতাল দুবাহুত
নোপোৱা কিবা এটাৰ নিচাত
নীলিমা ভৰি আছেহি খেলি
ৰাংঢালি নিশাৰ জোনাকী জনী
জৰাজীৰ্ণ কলিজাত
আবেগ - অনুভূতিৰ
আধা খোলা খিৰিকীৰে
এচাঁটি
হিম চেচাঁ বতাহৰ স'তে
আন্ধাৰুৱা বিষণ্ণতা খেদি
নিঃশব্দে সোমাই আহে
তাইৰ মিঠা মিঠা লগা
সুমধুৰ এটি হাঁহিৰ খলকনি
আৰু...
আৰু সোমাই আহে
বিষাক্ত নিৰ্জনতা ভেদি
জিলিৰ ৰসাল গুণগুণনি
যৌৱনা মনৰ সজীৱতা বঢ়াবলে' ।
-------------------------------------
(২৮) নতুন অসম গঢ়াৰ হেপাঁহ
: চিৰঞ্জীৱ শঙ্কৰ
(০১/০১/২০০৮)
নিয়ৰ সনা
সুশান্ত সেউজীয়া পৰিৱেশ
নৱবৰ্ষৰ
প্ৰথম প্ৰভাতৰ উন্মেষ
ৰ'দালিৰ
চিকিমিকি মধুৰ হাঁহিত
গছৰ ডালে ডালে
শ্যামল পাতৰ আঁৰে আঁৰে
পুৱতি পক্ষীৰ নৱ-গুঞ্জন...
অতীত বিষ-বেদনা,
উশাহ-হুমুনিয়াহ
বিষৰ্জন দি
নতুন আশা গঢ়াৰ হেঁপাহ
দুচকুৰ সপোন
দিঠকত পৰিণত কৰাৰ হেপাঁহ
শান্তি সমন্বয়েৰে
হেৰোৱা স্মৃতিবোৰ পাহৰি
নতুনক লৈ আদৰি
নতুন অসম গঢ়াৰ হেপাঁহ
নতুন ভাৰত গঢ়াৰ হেপাঁহ
বিশ্ব - দৰ্বাৰত
নতুন ইতিহাস ৰচাৰ হেপাঁহ...
---------------------------------------
(২৯) কোন বাৰু তুমি
: চিৰঞ্জীৱ শঙ্কৰ (২২/০৫/২০০৩)
গভীৰ নিশাৰ এন্ধাৰ আকাশত
আছা যে অকলে বহি
এটি কোণত নীৰৱে উজ্জ্বলি
মোৰ নীৰৱতা কাঢ়ি
কোন বাৰু তুমি
কোৱানা অনামী ?
এবাৰ কাষলে' আহি
মন ফুলনিতে বহি
জীৱনৰ দুখবোৰ ক্ষন্তেক পহৰি
শৈশৱৰ মৰম
মৃদু দুহাতেৰে লৈ বুটলি ।
কোৱাচোন,
এন্ধাৰ শিতানত
জোনাকীৰ কবিতা ৰচি
মনৰ গভীৰতাত
যৌৱনা শিহৰণ তুলি
নিজানে থাকা উজ্জ্বলি
কোন বাৰু তুমি ?
--------------------------------------
(৩০) নীহাৰিকা
: চিৰঞ্জীৱ শঙ্কৰ
( ০৪/০৮/২০১৮ )
শৰতৰ স্নিগ্ধতাত মুগ্ধ পৃথিৱী
চৌপাশৰ নিস্তব্ধতা ভেদি
নিজৰাৰ
জিৰিজিৰি সুৰৰ ৰাগিণী
তাৰেই মধুৰতা পান কৰি
থাকো উজাগৰে
তোমাক সোঁৱৰি
হয়তো
তোমাৰ ভাৱনাতো
আছো মই জিলিকি
এতিয়া
গভীৰ ৰাতি
ক্ৰমশঃ
এন্ধাৰৰ মায়াজাল ফালি
আহে নামি জোন-তৰালী
ধৰাৰ
বিশাল বুকুৰ সেউজীয়াত
ৰূপালী আঁৱিৰ সানি
দুচকুৰ পতাত সপোন আঁকি
নিসঙ্গ জীৱনৰ সঙ্গী হবলে'
নীহাৰিকা
তুমি বাৰু আছানে কুশলে...?
-------------------------------------
(৩১) ♚প্রকৃত প্রেমৰ সংজ্ঞা বিচাৰি♚
☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্র)
(০৬/০১/২০০৯)
প্রকৃতিৰ
কোমল দলিচাত
সজীৱ হৈ ফুলি থকা
গোলাপ ,
তগৰ
আৰু হাচনাহানাৰ
মধুৰ সুৰভিত
কিম্বা
জান,
জুৰি,
নিজৰাৰ
কুলুকুলু সুৰৰ ধ্বনিত
সকলোতে
মাথোঁ বিচাৰি ফুৰিছো
প্রকৃত প্রেমৰ সংজ্ঞা ...♚
-----------------------------------
(৩২) মৌনতাৰ সেউজ ইতিহাস
:চিৰঞ্জীৱ শঙ্কৰ
(০৩/০৩/২০১৭)
কবি নহওঁ কাহানিও
কিম্বা
নহওঁ গীতিকাৰ
তথাপিও
নির্জনতাৰ উকা কাগজত
মনৰ
টুকুৰা-টুকুৰ ভাৱবোৰ লিখো
তেজৰ চিয়াঁহীৰে
কলিজাত
গুপুতে লিখি যাওঁ
মৌনতাৰ সেউজ ইতিহাস
সমুখত
যদিও নাই
ৰূপালী জোনৰ পোহৰাভাষ
শূন্যতাত
আজিও যেন
তাৰেই মধুৰ প্রকাশ
হয়তো
মোৰ প্রতিটো ভাবৰ মাজত
খেপিয়াই চাই
তুমিও
বিচাৰি পাই যাব পাৰা
নিজক,
নিজৰ অস্তিত্বক
আৰু
পাব পাৰা
সপোন ঘাটত হেৰোৱা অতীতক...
---------------------------------
(৩৩) দেবলীনা
:চিৰঞ্জীৱ শঙ্কৰ
(১২/১২/২০১৭)
তোমাৰ
অনুভূতিৰ দাপোনত
এসাগৰ সপোন হৈ
নিতে উজ্বলিম
ৰঙা
তেজৰ সোঁতত মিলি
প্রতিদিনে-প্রতিপলে
মৰমৰ
নৈ
হৈ
বৈ থাকিম
সিৰাই-উপসিৰাই...
---------------------------------------
(৩৪) ♚বৰষা♚
:চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্র)
ৰচনা : 2017
কৃষ্ণচূড়াৰ দেশত
এতিয়া
বৰষা নামিছে
চিকিমিকি বিজুলীৰ নাচোনত
মেঘৰ মাদলো বাজিছে
ঠিক তেনেদৰেই
বাৰিষাৰ
প্রথম জাক বৰষুণৰ
চিপচিপ শৱদত
চঞ্চলা
সমীৰণৰ ঢৌৱে -ঢৌৱে
যৌৱনা লহৰ তুলি
উপচি পৰিছে
নদ-নদী সাগৰ
আৰু
গছ-বন-তৰুলতাৰ ডাল-পাঁতত
সেউজীয়া ৰহণ সানি
জীপাল কৰি তুলিছে
মৰু সদৃশ
শুকান বুকু ধৰাৰ
হয়তো
সেইবাবেই
বুকুৰ মৰম বিয়পায়
মন উলাহতে নাচিছে,
গাইছে
মধুৰ সপোনো ৰচিছে
কৃষ্ণচূড়াৰ দেশত যে
এতিয়া
বৰষা নামিছে ...
-------------------------------------
(৩৫) আকাশৰ শেষ সীমনাত
: চিৰঞ্জীৱ শঙ্কৰ
আকাশৰ শেষ সীমনাত
শাৰদী মেলাত
এমুঠি জোনাকী জিলমিল
হাঁহিৰ আভাত
নিজকে লিৰিকী-বিদাৰী
বিচাৰিছো তোমাক
আৰু
নিৰৱে অনুভৱ কৰিছোঁ
অতীত বাগৰি যোৱা
স্মৃতি-মধুৰ মাদকতা...
হঠাৎ তমসা নিশা
মনৰ মাজত
অসীম নিৰৱতা...
------------------------------------
(৩৬) প্রীতি মধুৰ সান্নিধ্য
:চিৰঞ্জীৱ শঙ্কৰ
আকাশ ,
বতাহ,
জোনাক
আৰু পৃথিৱীৰ
নিবিড় সান্নিধ্যত
মনৰ
টুকুৰা-টুকুৰ
স্মৃতি -অনুভূতীবোৰেওঁ বিচাৰে
তোমাৰ প্রীতি মধুৰ সান্নিধ্য...
------------------------------------
(৩৭) ♚আৰু তুমি...♚
☞চিৰঞ্জীৱ শঙ্কৰ
(০৮/০৫/২০০৫)
বাস্তৱ জীৱনলে'
কেতিয়াও নাহিলা তুমি
দিবলে'
এধানি মৰম ঢালি
দুহাতেৰে মোক লৈ সাৱটি
আহিছিলা মাথোঁ
হৃদয় স্পর্শি...
কল্পনাৰ সোঁতত বৈ
যাবলে'
মোৰ পৰা আঁতৰি
চকুপানী হৈ উটি-ভাহি
লবলে'
সাগৰক আঁকোৱালি
সাগৰ যে তোমাৰ প্রেমিক
আৰু তুমি...
-------------------------------------
(৩৮) ♚মনালিচা♚
☞চিৰঞ্জীৱ শঙ্কৰ
দেহত
ৰক্তিম যৌৱনৰ
স্পর্শিত উন্মাদনাত
শাৰদী নিশাৰ
দাপোনমতী জোনাক
মনালিচা -
তোমাৰ ভালপোৱাৰ উন্মেষ
কহুৱা-কোমল বুকুৱেদি
প্রেৰণাৰ নৈ
হৈ
বৈ থাকিব
চিৰদিন-চিৰকাল...
------------------------------------
(৩৯) জোনাক মধুৰ প্রতিটো ক্ষণ
: চিৰঞ্জীৱ শঙ্কৰ
মোৰ
মুখৰ হাঁহি
সুখৰ গান
সকলো কাঢ়ি নিলা
কাঢ়ি নিলা
জীৱন,
জোনাক মধুৰ প্রতিটো ক্ষণ...
-------------------------------------
(৪০) বিষাক্ত প্রেম
: চিৰঞ্জীৱ শঙ্কৰ
বিষাক্ত প্রেম
নে
বিষাক্ত তুমি
আজিওঁ নুবুজিলোঁ...
বুজি নাপালো
চলনাময়ী নাৰীৰ মহিমা...
-------------------------------------
(৪১) মোৰ শেষ প্ৰাৰ্থনা
: চিৰঞ্জীৱ শঙ্কৰ
( ১৬/০৬/ ২০০২ )
তুমিতো নাজানিলা প্ৰভু
মোৰ হৃদয়ৰ
বেদনা ভৰা আশাবোৰৰ কথা
সেই আশা-নিৰাশাৰ মাজত
তুমিওঁ আছিলা চিৰদিন ।
আজিনো কিয় এৰিলা
অকলশৰে এই পৃথিৱীত
নাজানিলোঁ
নুবুজিলো তোমাৰ মহিমা ।
তোমাৰ মহিমাৰ অলেখ কথা
মাথোঁ শুনিছিলোঁ
মা-দেউতাৰ মুখত
তেওঁলোককো এজন এজনকৈ
নিবলে' উদ্যত হ'লা
এই মৰতত
অকলশৰে এৰি থৈ ।
মিনতি কৰিছোঁ প্ৰভু
তযু চৰণত
নিনিবা নিনিবা কাঢ়ি
আশাৰ দ্বীপ্তি স্বৰূপ
পিতৃ-মাতৃক
এয়াই তোমাৰ ওচৰত
মোৰ শেষ প্ৰাৰ্থনা ।।
----------------------------
(৪২) অসমীয়া ডেকা-দল
: চিৰঞ্জীৱ শঙ্কৰ (২০০০)
হিল-দ'ল ভাঙি যাম আগুৱাই
আমি যে অসমীয়া ডেকা দল
নাথাকো পিছ পৰি,
যাম আগবাঢ়ি
সকলোৱে প্ৰাণ আহুতি দি
কৰিবলৈ স্বদেশক উদ্ধাৰ ।
অশান্তিৰ মাজেৰেও
শান্তিক আনিম জিনি
সকলোৱে মিলি গাম
স্বাধীন অসমৰ জয় গীতি
হিংসাক ধ্বংস কৰি
অহিংসাক আঁকোৱালি
কৰিম সমাজৰ কল্যাণ সাধন।
মৃত্যুক সাৱটি
শত্ৰুৰ স'তে যুঁজি
মাতৃৰ চৰণত কৰিম প্ৰাণ বলিদান।
মৃত্যুক জয় কৰি
জীয়াই থাকিম চিৰদিন
অসমৰ সৌ-পূণ্য আকাশত উজ্বলি
কৰিবলে মাতৃক প্ৰণাম ।
--------------------------------
(৪৩) ফাগুণী অনুভৱ
: চিৰঞ্জীৱ শঙ্কৰ
( ০১/০৯/২০১৫ )
ফাগুণী পলাশে
উতনুৱা
দেহে, মনে, প্ৰাণে
যৌৱন মাধুৰী সানে
সৰগী সপোন
স্নিগ্ধ
জোনাকৰ পোহৰে পোহৰে
এজাক পচোঁৱা হৈ
নামি আহে
আৰু
ভাৱনাত ৰং ঢালি
দুচকুত
তোমাৰ প্ৰতিচ্ছবি আঁকে...
হয়তো সেইবাবেই
মাদলৰ তালে তালে
ৰসাল সুৰৰ লহৰ তুলি
মন মোৰ উলাহতে নাচে
ক্ৰমশঃ
প্ৰকৃতিৰ চৌদিশ
অলেখ চৰাইৰ
সুমধুৰ কাকলিৰে ভৰি পৰে...
-----------------------------------
(৪৪) বুঢ়া পিতাইৰ ৰঙা চকু
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০১/০৭/২০০৬)
হাতেনো চপৰিয়াই
সুহুৰীয়াই, সুহুৰীয়াই
কিয়নো
মোকে মাতা সঘনাই
অ' মোৰে সোনাই
যাব যে নোৱাৰোঁ মই
নুবুজা কিয় বাৰু তই
অ' মোৰে চেনাই
সোন তুমি আহিবা বুলি
বুকুত এসোপা সপোন সাঁচি
সঘনাই খিৰিকী খুলি
পদূলিলে চাওঁ জুমি জুমি
তোমাক দেখা পালেওঁ হায়
বুকুখনহে জ্বলি-পুৰি যায়
যাব যে সোন নোৱাৰোঁ মই
পদূলিলে, তোমাৰ কাষলে'
কিয় বাৰু জানানে তুমি ?
চকু ৰঙা কৰি
দাড়ি-গোফ মোহাৰি
পিৰালিতে আছেহি বহি ৰৈ
সোন মোৰে বুঢ়া পিতাই.....
-----------------------------------------------------
(৪৫) বসন্ত
: চিৰঞ্জীৱ শঙ্কৰ (২০০১)
নাহৰ ফুলৰ দৰে ফুলিছিলা
মাথোঁ
দুটি দিনৰ বাবে
বৰদৈচিলা জনী হৈ
আহিছিলা উৰি
মোৰ পজাঁ ভাঙিবলে' ।
গ'লা যে আঁতৰি
বহু দূৰণিলে' উৰি
আশাৰে সজোৱা পজাঁটি ভাঙি ।
আৰুতো নাহিলা ওভতি
বৰদৈচিলা জনী হৈ উৰি
দুনাই সজোৱা পজাঁটি ভাঙিবলে' ।
এইবাৰ আহিলা -
খোপাতে কপৌ পাহি গুজি,
কাণত কেৰুযুৰি
দিঙীত জোনেবিড়ি
হাতত গাম খাৰু পিন্ধি
লাঁহি কঁকালটি উৰাই-ঘূৰাই নাচি
সুৰীয়া বিহু গীতি এফাঁকী গায়
ৰঙালীক ৰঙেৰে আঁদৰিবলে' ।
----------------------------------------
(৪৬) সেইদিনা জানো আহিবা ?
: চিৰঞ্জীৱ শঙ্কৰ
( ২০/১০/২০০৫ )
যিদিনা আশাবোৰ হেৰাব
মোৰ মনৰ, প্ৰাণৰ
প্ৰতিটো ভাবৰ
সেইদিনা ভাষাবোৰো হেৰাব
মোৰ কণ্ঠত গানৰ
স্পন্দন সুৰৰ ।
যিদিনা ভাষাবোৰ হেৰাব
মোৰ প্ৰতিটো পলৰ
প্ৰতিটো গানৰ
সেইদিনা স্মৃতিবোৰো হেৰাব
বহু স্নিগ্ধ জোনাকৰ
স্নিগ্ধ অতীতৰ ।
যিদিনা সকলোবোৰ হেৰাব
মাথোঁ জীৱনৰ
সেইদিনা জানো আহিবা
মোৰ কাষলে'
মৰম দিবল' উজাৰি
হেৰোৱা দিনৰ
হেৰোৱা স্মৃতিবোৰ হৈ
তোমাৰ আৰু মোৰ ।
---------------------------------
(৪৭) সৰগৰ পৰী
: চিৰঞ্জীৱ শঙ্কৰ
( ৩১/০৫/২০০২ )
মেঘাচ্ছন্ন আকাশ ভেদি
বিজুলী চমকেৰে উৰি
কোন তুমি সৰগৰ পৰী
আহিছা যে
এই মৰতলে নামি ?
তোমাক নামি অহা দেখি
সুধিছিলোঁ মই চিঞঁৰি চিঞঁৰি
আছে জানো সৰগৰ
কিবা খবৰ - বাতৰি ?
শংখৰ ধ্বনিৰে আঁদৰিলো তোমাক
আমাৰ পৱিত্ৰ মাতৃৰ বক্ষত ।
সৰগৰ কি-বা বাতৰি
আমি আহিছো শুনিবলে' ল'ৰি
তোমাৰ নিচেই ওচৰলে'
আমাক অহা দেখি
তুমি দেখোন গ'লা
বহু দূৰণিলে' আঁতৰি
নিদিয়াকৈ সৰগৰ বাতৰি...
---------------------------------------
(৪৮) যৌৱন মধুৰ ৰাগিনী
: চিৰঞ্জীৱ শঙ্কৰ
( ১৮/০১/২০১৯ )
অন্ধ প্ৰেম
নে
অন্ধ আমি
আজিও নুবুজিলো
বুজি নাপালোঁ
দুচকুত
সপোনৰ বোল আঁকি
কলিজা কপায়
কিয় বাজি উঠে
যৌৱন মধুৰ ৰাগিনী...
----------------------------------
(৪৯) হয়তো তুমিও পাহৰি গ'লা মোক
: চিৰঞ্জীৱ শঙ্কৰ
( ০১/০৭/২০১৫ )
পলৰীয়া সময়ৰ গতিত
অসীমত হেৰাল
অলেখ জনৰ ঠিকনা
এতিয়া
তুমি ক'ত
আৰু সিহঁত... ?
সিহঁতবোৰৰ দৰে
হয়তো
তুমিও পাহৰি গ'লা মোক
মোৰ অস্তিত্বক
চিৰদিন,
চিৰকালৰ বাবে...
----------------------------------
(৫০) ফাগুনী অনুভৱ - ২০২০
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
১৩/০২/২০২০
ফাগুন আহিলেই
চঞ্চল হৈ পৰা তুমি
চঞ্চল হৈ পৰে
এই ধৰাৰ প্ৰকৃতি
ক্ৰমশঃ
শুকান সৰাপাতৰ লগত
পচোঁৱা জাকে
উৰুৱাই লৈ যায়
মনৰ মলিন ভাবনা
আৰু
দি যায়
সপোন ৰঙী মৰমী প্ৰেৰণা
হয়তো সেই বাবেই
দেহত জাগি উঠে
প্ৰীতি মধুৰ যৌৱন উন্মাদনা...
-----------------------------------------
(৫১) বিষাদ বাঁহী
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৬/০৪/২০১৪)
এন্ধাৰ কোঠাৰ
খিৰিকী খন খুলি
সমুখৰ আকাশলে'
চালোঁ দুচকু তুলি
চাই দেখা পালোঁ
তন্দ্ৰাত মগন
বিষণ্ণ
এখন মুখ
মুখত নাই হাঁহি
কলিজাত
আছে মাথোঁ বাজি
বিষাদ বাঁহী...
-----------------------------------
(৫২) জীৱন ৰথ
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৬/০৪/২০১৯)
আশা-নিৰাশাৰ
মাজতেই আছে
জীৱনৰ মাদকতা
কেতিয়াবা
বিচৰাটো পাওঁ
আৰু
কেতিয়াবা হেৰুৱাওঁ
সময়ৰ গতিত
এনেদৰেই চলি আছে
জীৱন ৰথ...।
---------------------------------------
(৫৩) মালবিকা
: চিৰঞ্জীৱ শঙ্কৰ
(৩১/০৩/২০১৭)
অমানিশাৰ এন্ধাৰৰ দৰে
যেতিয়া
বিষণ্ণতাই আগছি ধৰে
তেতিয়া তোমালৈ
বৰকৈ মনত পৰে
আৰু
অনুভৱ কৰোঁ ।
নিসংগ জীৱনৰ আকুলতা
মালবিকা-
তোমাৰ অৱৰ্তমানত
সোণাৰুৰ ডালত কিজানি
বেজাৰতে নুফুলে
ফুল হালধীয়া
ঠিক তেনেদৰে
মোৰ কলিজাতো নুফুলে
সপোন বাৰে বৰণীয়া
হয়তো
সেইবাবেই
সপোন দিঠক একাকাৰ কৰি
তোমাক বিচাৰি ব্যাকুল হওঁ
তথাপিও কিয় সোণ
তোমাক বিচাৰি নাপাওঁ...?
-------------------------------------
(৫৪) প্ৰতিশোধৰ বিষাক্ত অগনি
: চিৰঞ্জীৱ শঙ্কৰ
( ১৪/০২/২০১৯ )
স্বাৰ্থ লোভি মই
নে
স্বাৰ্থ লোভি তুমি
আজিও নুবুজিলো
বুজি নাপালোঁ
তোমাৰ
অন্তৰাত্মাত বিয়পি থকা
প্ৰদূষিত ভাবধাৰাৰ অন্তৰালত
আছে নেকি জ্বলি
প্ৰতিশোধৰ বিষাক্ত অগনি...
------------------------------------
(৫৫) ♚ নিলাঞ্জনা ♚
☞ চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
তোমাৰ
মধুৰ চুমাৰ পৰশত
অবাক হৈ পৰে যৌৱন
উত্তেজিত হৈ পৰে
নিথৰ দেহা
আৱেগিক হৈ পৰে
মন-প্রাণ
হয়তো
সেই বাবেই
ভোমোৰাই
ফুলৰ মধু বিচাৰি ফুৰাৰ দৰেই
নিবিড় ভালপোৱাৰ
ৰসাল সান্নিধ্য বিচাৰি
পদুলিৰ নিজানত
লহপহকৈ বাঢ়ি অহা
নাহৰ জোপাৰ তলত
ভিৰ কৰেহি
অলেখ ডেকাৰ মন
থিক তেনেদৰেই
ভিৰ কৰোহি মই
আৰু দূৰণিৰ পৰাই
চকুত,
চকু আবদ্ধ কৰি
ভাৱনাত বিভোৰ হওঁ
নিলাঞ্জনা
দুচকুৰ সন্মুখত
যেতিয়া
আঁউসীৰ এন্ধাৰে আগছি ধৰে
তেতিয়া বুকুত
অলেখ আশা সাবটি
ৰৈ থাকো
দুয়ো ৰৈ থাকিম
চিৰদিন-চিৰকাল
মাথোঁ
এমুঠি পোহৰৰ অপেক্ষাত ...
--------------------------------------
(৫৬) আইৰ বিষাদ চকুলোঁ দুধাৰি
: চিৰঞ্জীৱ শঙ্কৰ
(২৩/০৩/২০০৯)
আকাশত
দিনৰ পোহৰত
নিজানত
নিশাৰ জোনাকত,
সপোনত,
দিঠকত,
সকলোতে দেখা পাওঁ
মাথোঁ
তোমাৰ প্ৰতিচ্ছবি
আৰু
তোমাৰ সঁজল দুচকুত
দেখা পাওঁ
বিধবা আইৰ
বিষাদ চকুলোঁ দুধাৰি...
---------------------------------
(৫৭) তোমাৰ অবৰ্তমানত
:চিৰঞ্জীৱ শঙ্কৰ
দুখবোৰ
এতিয়া
কলিজাৰে বৈ যায়
সিৰাই উপসিৰাই
বিষাদ গীতি গাই গাই
তুমি চাগে শুনা নাই
তুমি চাগে দেখাও নাই
তোমাৰ অবৰ্তমানত
কেনেদৰে আছো জীয়াই...
-------------------------------------------------------
(৫৮) শুৱনি ধৰণী
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(১৩/০৮/২০০৫)
বসন্তই ন-সাজেৰে
ন-কৈ সজোৱা
গছ-বন-তৰুলতা
সেউজীয়া পাতেৰে ভৰা
আই তই শুৱনি ধৰণী
তুমিয়েই আমাৰ মৰমী জননী
তোৰে মান শুৱনি
আৰু আই
ক'তো কোনো নাই
অতিকে মৰমৰ
অতিকে চেনেহৰ
অতিকে শান্তিৰ ঠাই
শুৱনি ধৰণী
আমাৰ চেনেহী আই
তযু উপমা
আমি
কতোৱেই বিচাৰি পোৱা নাই
অতিকে মনোৰম
অতিকে বিতোপন
আমাৰ মনোমোহা ঠাই
শুৱনি ধৰণী
আমাৰ চেনেহী আই
তোৰে মান শুৱনি
আৰু
কতো যে দেখা নাই...।।
------------------------------------------------
(৫৯) ফুলিছে এপাঁহি ফুল
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৫)
আকাশৰ নীলাত
জোনৰ
জোনাকী নিচাত
চেঁচা গধূলিৰ
মধুৰ আমেজ...
দেহৰ
যৌৱনা তৃষাত
ফুলিছে এপাঁহি ফুল
গোন্ধত আমোলমোল...
-------------------------------------------------------
(৬০) প্রেমত পৰিবলৈ মোৰো মন যায়
: চিৰঞ্জীৱ শঙ্কৰ
প্রেমত পৰাৰ বয়স
এটিয়া
আৰু নাই
তথাপিও কিয়
প্রেমত পৰিবলৈ
সঘনাই
মন যায়
প্রেম যে স্বর্গীয়
প্রেমৰ তাড়নাত
জান
জুৰি
নিজৰায়ও
প্রকৃতিৰ
নিয়মক সন্মান জনাই
হাজাৰ বাধা নেউচিও
সাগৰলৈ বৈ যায়
হয়তো
সেই বাবেই
প্রেমত পৰিবলৈ
মোৰো মন যায়
কিন্তু হায়
মোৰ বাবেহে কোনো নাই
নাহে মৰম দিবলে' উজাই .......
-------------------------------------------------------
(৬১) অনুপমা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২৮/১০/২০১৫)
যৌৱনৰ স্পৰ্শত
যেতিয়া
তোমাৰ ওঁঠৰ হাঁহিবোৰ
শিমলু হৈ ফুলে
তেতিয়া
আকাশৰ নীলাবোৰ সাৱটি
তৰাবোৰেওঁ হাঁহে
সমীৰণৰ
জিৰি্জিৰি্ সুৰৰ
লহৰে লহৰে.....
অনুপমা
তুমি বাৰু আছানে কুশলে?
---------------------------------------------
(৬২) অলকানন্দা
: চিৰঞ্জীৱ শঙ্কৰ
( ২১/১০/২০১৭ )
মোৰ মৃত্যুৰ দিনা
তোমাৰ বিবেকৰ পদূলিত জ্বলিব
এগচি জ্ঞানৰ শলিতা
সমূহৰ আশীৰ্বাদত
চিতাৰ জুইত
জ্বলি-জ্বলি ছাঁই হ'ব
মোৰ নিস্পাপ কোমল দেহা
হয়তো সেইদিনাহে ফুলিব
গৰ্ভৰ সাৰুৱা খিনিত
মই ৰুৱা
শৰতৰ
স্নিগ্ধ শেৱালি জোপা
ঠিক তেনেদৰে
বিষণ্ণ পৃথিৱীৰ ক'লাহল নেওচি
আঁউসীৰ এন্ধাৰত
বিষাদৰ
বিষাক্ত ক'লা ৰং মচিবলে
অনুভূতিৰ দাপোনত
জিলিকি উঠিব
এৰি অহা দিনবোৰৰ
কল্পনা-মণ্ডিত
অলেখ মধুৰ গীতি-কবিতা
অলকানন্দা-
যেতিয়া মোৰ অৱৰ্তমানত
বুকুৱে হাহাকাৰ কৰি বিনাব
তেতিয়া জানো আহিম ওভতি
কপালত হাত বুলাই
তোমাক নিচুকাবলে
তেতিয়া জানো আহিম ওভতি
দুখৰ সমভাগী হৈ
হাঁহি-হাঁহি
তোমাক হহুৱাবলে'...
---------------------------------------------
(৬৩) অনুৰাধা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২১/০৪/২০১০)
মই জানো
তুমি নাই
আজি ক'তোৱেই নাই
তথাপিওঁ আছোঁ
অকলে থাকিম জীয়াই
এই ধৰাৰ বুকুত
মাথোঁ
তোমাকে ধিয়াই...
-------------------------------------------------------
(৬৪) বিষাক্ত ক'লা ৰং
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৫/১০/২০১৫)
নিশাৰ এন্ধাৰত
বসন্তৰ
সুগন্ধি উমাল পৰশ
স্নিগ্ধ জোনাকীৰ
মুগ্ধ ৰসাল
পোহৰৰ সান্নিধ্যত
উন্মনা
প্ৰকৃতিৰ নৱ-গুঞ্জন...
আকাশৰ নীলিমা
লিৰিকী-বিদাৰি উৰি ফুৰা
উন্মুক্ত বতাহৰ
জিৰি্জিৰি্ অবাক শবদত
প্ৰেমৰ
ৰসাল মাধুৰী সানি
তোমাৰ স্মৃতিবোৰে
দুচকুত
অলেখ সপোন আঁকে
আৰু দেহত
সজীৱ শিহৰণ ঢালি
ভাদুৱা বানৰ দৰে
উত্তাল তৰংগ তুলি
বুকুৱেদি
বৈ যায়
শিৰাই-উপশিৰাই...
হয়তো
সেইবাবেই
অনুভৱি মনে
মচি পেলাই
বিষাদৰ
বিষাক্ত ক'লা ৰং...
-------------------------------------------
(৬৫) বুকুৰ বান্ধৈ
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৫)
বুকুৰ বান্ধৈ মোৰ
কিনো দিম
কিনো দিম তোমাক
দিবলে' আছেনো কি
দুহাতত মাথোঁ শূণ্যতা
আৰু আছে
দুচকুৰ সমুখত বন্দী
এখন বিশাল আকাশ
আকাশত
আঁউসীৰ ঘোৰ আন্ধাৰ
চৌপাশে মাথোঁ নিস্তব্ধতা...
---------------------------------------------
(৬৬) মৰমী
: চিৰঞ্জীৱ শঙ্কৰ
(ছমৰীয়া সত্ৰ)
জীৱনে
মাথোঁ বিচাৰে
প্ৰতিটো নিশাৰ
জোনাকী মধুৰ সান্নিধ্য
আৰু
বিচাৰে কি
জানানে মৰমী ?
তোমাৰ
গোলাপী দুটি ওঁঠৰ
মৰমৰ মাঁত এসাঁৰি...
---------------------------------------------
(৬৭) আকাশী-গঙ্গা
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০২/০৪/২০০৪)
নালাগে সৌ আকাশৰ
জিলিমিলি তৰা
নালাগে সৌ আকাশৰ
আকাশী-গঙ্গা
যদি তুমি দিয়া উজাৰি
আলসুৱা হিয়াৰ মৰম এধানি
নালাগে একোৱেই মোক
ইয়াৰ বাহিৰে
তোমাৰ হৃদয়ৰ পৰা
অ' মৰমী
অনামী লগৰী
তোমাৰ হৃদয়ৰ পৰা
হৃদয়ৰ আঁৰে আঁৰে গোপনে
বুকুৰ মাজতে,
বহু আশাৰে
সাঁজিছো সোণৰ কাৰেংঘৰ
সোন কাৰ বাবে ?
মাথোঁ তোমাৰ বাবে
মোৰে জীৱনৰে লগৰী
বুকুৰ মৰমবোৰ উজাৰি
দিবানে সহাৰি মোক
অ' মৰমী
অনামী লগৰী
দিবানে সহাৰি মোক
লুইতৰ পাৰে পাৰে অকলে নিৰৱে
অনুভৱি হিয়াতে,
বহু ভাষাৰে
ৰচিছোঁ উজাগৰে ৰাতি কবিতা
সোন কাৰ বাবে
মাথোঁ তোমাৰ বাবে
মোৰে জীৱনৰে লগৰী
বুকুৰ মৰমবোৰ উজাৰি
দিবানে সহাৰি মোক
অ' মৰমী
অনামী লগৰী
দিবানে সহাৰি মোক ।।।।
-------------------------------------------------
(৬৮) ঐ জান
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৪/০৪/২০০৬)
ঐ জান
গোলাপৰে কলি
ফুলপাঁহ হৈ ফুলিলে
বৰ ধুনীয়া দেখিবলে'
পিছে হায় !
ক'বলে মোৰ লাঁজ লাগে
শুনিবলেওঁ সোন ভাল নালাগে
ফুলপাঁহ যে ফুলিলেই
ৰ'দত মৰহি সৌন্দৰ্য হেৰাই
ঐ জান
চহৰৰে ছোৱালী
সাঁজি-কাচি ওলালেওঁ
মোৰ যে ভাল নালাগে
পিছে হায় !
ক'বলে মোৰ লাঁজ লাগে
ক'বলে সোন ভয় লাগে
মিছা কথাৰে মন ভুলায়
সিহঁতৰ মান চলাহী নাই
ঐ জান
গাৱৰে ছোৱালী
সাঁজি-কাচি নোলালেওঁ
ৰূপহী যেন লাগে
পিছে হায় !
ক'বলে মোৰ লাঁজ লাগে
ক'বলে সোন বৰ ভাল লাগে
তোমাৰ মান শুৱনি
মই যে কতোৱেই দেখা নাই...
-----------------------------------------------
(৬৯) তুমি
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৩/০২/২০০৯)
বহু গীতি-কবিতাৰ
আৰম্ভণি তুমি
বহু গীতি-কবিতাৰ
শেষতো তুমি
তুমি
মোৰ ভাৱনাত
এখন বিশাল নদী...
-----------------------------------------------------
(৭০) কিছুদিন পিছত মোৰ মৃত্যু হ'ব
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০৩/০৪/২০২০)
হয়তো
কিছুদিন পিছত
মোৰ মৃত্যু হ'ব
মৃত্যুৱে
তোমাৰ দুচকুত উজ্জ্বলি থকা
মধুৰ সপোনবোৰ মোহাৰি
বিষণ্ণতাৰে ভৰা
দুধাৰি চকুলোঁ আঁকিব
ওঁঠত
মৌনতাৰ আভাস ঢালি
কলিজাত
বিষাদৰ কালিমা সানিব
হয়তো
কিছুদিন পিছত
মোৰ মৃত্যু হ'ব.....
-----------------------------------------------------
(৭১) নৱ-বৰ্ষৰ নৱ-প্ৰভাত
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(০১/০১/০৩)
নৱ-বৰ্ষৰ ন-প্ৰভাততে
ন-সাঁজেৰে সাঁজি-কাঁচি
ন-কইনা জনী হৈ
কোন বাৰু তুমি
কোৱানা অনামী
আহিছা
মোৰ জীৱনলে'
এবুকু মৰম, স্নেহ ঢালি
আশাৰ নুমাই যোৱা
চাকি গছি
পুনৰ জ্বলাবলে'
নৱ-বৰ্ষৰ ন-প্ৰভাততে
তোমাক অহা দেখি
ভৈৰৱ প্ৰভাতবোৰো যেন
আজি শান্ত হ'ল
আৰু...
সঙ্গী বিহীন জীৱনো
তোমাতেই মিলি গ'ল
কোন বাৰু তুমি
নিদিয়াকৈ
নিজৰ পৰিচয়
আছা গোপনে খেলি
কলিজাৰ
নিবিড় এটি কোনত...
------------------------------------
(৭২) তোমাৰ স্মৃতিবোৰ এৰি
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০০৩)
বিহুৰে বাতৰি পাই
লাহী কঁকালটি ঘূৰাই
সুৰীয়া বিহু গীতি এফাঁকি গাই
আহিছিলা যে তুমি
ধুনীয়া পখিলাটি হৈ উৰি
ফুলনিয়ে ফুলনিয়ে পৰি
ক্লান্ত হৈ আজি
জিৰণি লৈছিলা
মোৰ মন-কাননত
এখন্তেক বহি
হঠাৎ দেখোন তুমি
কিবা ভাবি
গ'লা অহা বাটেৰে ওভতি
মোৰে মন-কাননত
মাথোঁ স্মৃতিবোৰ এৰি
----------------------------------------
(৭৩) ধুনীয়া ছোৱালীবোৰ হেনো ঘূণিয়া
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৭)
কোনোবাই
কৰোবাত কোৱা শুনিছিলোঁ
ধুনীয়া ছোৱালীবোৰ হেনো ঘূণিয়া
হয়তো
সেই বাবেই
বুকুৰ মৰম ঢালি
ঘূণিয়া শৰীৰ
পুনৰ ধুনীয়া কৰিবলৈ
প্ৰয়াস কৰিছিলোঁ
আৰু
হোমৰ জুইক সাক্ষী কৰি
নিজৰ বুলি
ভালপোৱাৰ
এনাজৰীৰে বান্ধিছিলোঁ...
----------------------------------------
(৭৪) এটি মৃদু চুম্বন
: চিৰঞ্জীৱ শঙ্কৰ
(২০/১০/ ২০০৬ )
যৌৱনে গৰকা
উৰণীয়া পাখি লাহি
মনৰ আলি-দোমোজাত
আনে-বানে সিঁচৰিত
ৰ'দালি ফুলাম
ৰূপহী ভাৱনাৰ ছাঁত
লহপহে বাঢ়ি অহা আশাৰ
চিকিমিকি হেঙুলী ডালত
জকমকাই ফুলি থকা
প্ৰীতিভৰা নিভাঁজ ফুলপাঁহ
আঁলফুলে চিঙি আনি
মৰমতে দিছিলোঁ গুজি
তোমাৰ লিহিৰী খোপাত,
উন্মনা গাভৰু ভাৱনাত ।
তেতিয়া
তুমিও দিছিলা
জোনাকী মধুৰ হাঁহি এটি মাৰি
সেন্দুৰীয়া ৰূপমাধুৰী ঢালি
উমাল বুকুৰ স্তিমিত আলিঙ্গণ
আৰু
যুঁৰিয়া ওঁঠৰ
এটি মৃদু চুম্বন ।
----------------------------------------------
(৭৫) হালধীয়া মোৰো প্ৰিয়
: চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
(২০১৭)
তুমি
হালধীয়া ভালপোৱা
হালধীয়া মোৰো প্ৰিয়
হয়তো
সেইবাবেই
তোমাৰ মনৰ পদূলিত
এজোপা
সোণাৰু হৈ ফুলিছিলোঁ
মাদলৰ তালত
বতাহৰ ঢৌৱে ঢৌৱে
দুলি দুলি নাচিছিলোঁ,
গাইছিলোঁ
আৰু
মুঠি মুঠিকৈ
হালধীয়া বোৰ চটিয়াই
তোমাক
সুখী কৰিবলৈকে
নিতে
সপোন ৰচিছিলোঁ...
----------------------------------------------
(৭৬)
----------------------------------------------
Comments
Post a Comment